টিনেফকনক ভাৰতীয় বজাৰত পৰিচয় কৰাই দিছে লৰ্ড’ছ মাৰ্ক বায়’টেকে

লৰ্ড’ছ মাৰ্ক ইণ্ডাষ্ট্ৰীজৰ সহযোগী প্ৰতিষ্ঠান তথা আগশাৰীৰ হেল্থকেয়াৰ এণ্ড ৱেলনেছ কোম্পানী লৰ্ডছ মাৰ্ক বায়’টেকে চ’ৰিয়াচিছৰ চিকিৎসাৰ বাবে পেটেণ্টযুক্ত ঔষধ টিনেফকন মুকলি কৰিছে। ভাৰতত পিৰামাল লাইফ ছায়েন্সে প্ৰস্তুত কৰা পেটেণ্টযুক্ত সামগ্ৰীৰ বাবে লৰ্ড’ছ মাৰ্ক বায়’টেকে ইনভেক্স হেল্থ প্ৰাইভেট লিমিটেডৰ সৈতে এক্সক্লুছিভ চুক্তিত স্বাক্ষৰ কৰিছে। এই টিনেফকনক চ’ৰিয়াচিছৰ বাবে মুঠ সমাধান হিচাপে ৪টা বিবিধ প্ৰকাৰ আগবঢ়াইছে- টেবলেট, ক্ৰীম, শ্বাৱাৰ জেল আৰু মূৰৰ ছাল ধোৱা(স্কেলপ ৱাশ্ব)। টিনেফকনৰ এক্সক্লুছিভ বিতৰণ অংশীদাৰ লৰ্ড’ছ মাৰ্ক বায়’টেকে চ’ৰিয়াচিছৰ বাবে সমাধান প্ৰদান কৰাৰ বাবে টিনেফকনৰ বাবে একচেটিয়াভাৱে নিয়োগ কৰা বৈজ্ঞানিক বিক্ৰী বাহিনী (চায়েণ্টিফিক চেল ফৰ্চ) ৰ জৰিয়তে সমগ্ৰ দেশৰ পৰামৰ্শদাতাসকলক মেণ্টৰিং(পৰামৰ্শ) কৰি আহিছে।

এই কোম্পানীটোৱে টিনেফকনক অনলাইনত আগ্ৰাসী ৰূপত বজাৰ দখল কৰিবলৈ এক শক্তিশালী ছ’চিয়েল মিডিয়াত প্ৰচাৰৰ প্ৰয়াস কৰিছে। লৰ্ড’ছ মাৰ্ক বায়’টেকে ভাৰতত বজাৰ আৰু বিতৰণৰ বাবে ২০ কোটি টকা বিনিয়োগ কৰিছে আৰু কোম্পানীটোৱে ২০২৫ চনৰ ভিতৰত টিনেফকনৰ বাবে ১০০ কোটি টকাৰ ৰাজহ আশা কৰিছে।

এই নতুন মুকলি সন্দৰ্ভত মন্তব্য কৰি লৰ্ড’ছ মাৰ্ক বায়’টেকৰ এমডি সচিদানন্দ উপাধ্যায়ে কয় যে, “ভাৰতীয় বজাৰত টিনেফকনৰ পৰিচয় কৰাই দিবলৈ পাই আনন্দিত হৈছোঁ। ভাৰতত স্বাস্থ্যসেৱাৰ আলোচনা বা চৰ্চা সমৃদ্ধ কৰাৰ আমাৰ অভিযানৰ লগত সংগতি ৰাখি টিনেফকন আৰম্ভ কৰা হৈছে।’

By Business Bureau

Leave a Reply

Your email address will not be published. Required fields are marked *