টিকেএমৰ নাগালেণ্ডত অনুষ্ঠিত হৰ্ণবিল মিউজিক ফেষ্টিভেল ২০২৩ৰ সৈতে সহযোগিতা

টয়োটা কিৰ্লোস্কাৰ মটৰে (টিকেএম) নাগালেণ্ডত অনুষ্ঠিত প্ৰখ্যাত হৰ্ণবিল মিউজিক ফেষ্টিভেলৰ সৈতে একেৰাহে দ্বিতীয় বছৰৰ বাবে টাইটেল স্পনছৰশ্বিপৰ কথা সগৌৰৱে ঘোষণা কৰিছে। ১ ডিচেম্বৰৰ পৰা ১০ ডিচেম্বৰলৈ নাগালেণ্ডৰ কিছামাৰ নগা হেৰিটেজ ভিলেজত আয়োজিত হৰ্ণবিল ফেষ্টিভেলৰ এক অন্যতম জনপ্ৰিয় শিতান হৈছে হৰ্ণবিল মিউজিক ফেষ্টিভেল। স্থানীয় সংস্কৃতি আৰু ঐতিহ্য সংৰক্ষণ আৰু প্ৰচাৰ কৰাৰ লক্ষ্যৰে আয়োজিত এই মহোৎসৱৰ মূল সামাজিক মূল্যবোধৰ সৈতে টিকেএমৰ অংশীদাৰিত্বই বিশেষ সংগতি ৰাখে।

নাগালেণ্ডৰ বৰ্ণিল সাংস্কৃতিক ঐতিহ্যক ১০ দিনীয়াকৈ উদযাপন কৰা হৰ্ণবিল ফেষ্টিভেলত বিভিন্ন ধৰণৰ সাংস্কৃতিক প্ৰদৰ্শনী আৰু পৰম্পৰাগত নগা জনজাতিৰ পৰম্পৰাক প্ৰদৰ্শন কৰা হয়। ৰাজ্যিক পৰ্যটন বিভাগ আৰু কলা-সংস্কৃতি বিভাগৰ উদ্যোগত অনুষ্ঠিত এই মহোৎসৱত নগা জনজাতিৰ সংগীত, নৃত্য, খাদ্য, ধনুৰ্বিদ্যা, মল্লযুঁজ, পৰম্পৰাগত খেল আৰু বিভিন্ন খেল-ধেমালি প্ৰদৰ্শন কৰা হয়। উদ্বোধনী অনুষ্ঠানত কিৰ্লোস্কাৰ চিষ্টেমছ, টিকেএম আৰু টয়োটা চুশ্বো বীমা ব্ৰোকাৰ ইণ্ডিয়াৰ জ্যেষ্ঠ বিষয়াসকলে অংশগ্ৰহণ কৰে।

এই অনুষ্ঠানত টয়োটা আৰু অকুছা টয়োটাৰ ব্যৱসায়িক সহযোগীসকলেও অংশগ্ৰহণ কৰে। হৰ্ণবিল মিউজিক ফেষ্টিভেল ২০২৩ৰ সৈতে টিকেএমৰ সহযোগিতাৰ বিষয়ে মন্তব্য কৰি টয়োটা কিৰ্লোস্কাৰ মটৰৰ ষ্ট্ৰেটেজিক বিজনেছ ইউনিট (ইষ্ট)ৰ জেনেৰেল মেনেজাৰ ভেৰিন্দৰ কুমাৰ ৱাধৱাই কয় যে, “টিকেএমৰ বিশেষভাৱে কিউৰেট কৰা গাড়ী পেভিলিয়ন আছে এই ফেষ্টিভেলত, য’ত বিশেষভাৱে কাষ্টমাইজ কৰা হাইলাক্স ফৰ ফৰেষ্টকে ধৰি বিভিন্ন মডেলসমূহ প্ৰদৰ্শন কৰা হৈছে, যিবোৰে আমাৰ বিবিধ বাহনৰ অফাৰসমূহ উৎসাহেৰে প্ৰদৰ্শন কৰিছে, যাৰ লক্ষ্য হৈছে ‘সকলোৰে বাবে গতিশীলতা’ক আনন্দদায়ক অভিজ্ঞতা প্ৰদান কৰা।”

By Business Bureau

Leave a Reply

Your email address will not be published. Required fields are marked *