টিকেএমে নৰ্থ টেক চিম্পোজিয়াম ২০২৩ৰ সময়ত বিশেষ উদ্দেশ্যৰ আইকনিক হাইলাক্স প্ৰদৰ্শন কৰে

টয়োটা কিৰ্লোস্কাৰ মটৰে (টিকেএম) ভাৰতীয় প্ৰতিৰক্ষা নিৰ্মাতা(মেনুফেকচাৰ্ছ) আৰু আইআইটি জম্মুৰ সহযোগত ভাৰতীয় সেনাৰ নৰ্ডাৰ্ন কমাণ্ডৰ দ্বাৰা আয়োজিত বাৰ্ষিক অনুষ্ঠান নৰ্থ টেক চিম্পোজিয়াম ২০২৩ত দুখন মডিফাইড হাইলাক্স বাহন প্ৰদৰ্শন কৰে। এই অনুষ্ঠানৰ উদ্দেশ্য হৈছে প্ৰতিৰক্ষা খণ্ডত থলুৱা প্ৰতিৰক্ষা প্ৰযুক্তিগত বিকাশ আৰু আত্মনিৰ্ভৰশীলতা বৃদ্ধি কৰা। লগতে আধুনিকীকৰণ আৰু প্ৰতিৰক্ষা সক্ষমতা শক্তিশালী কৰাৰ বাবে ভাৰতীয় সেনাৰ সমন্বয়, গৱেষণা বিকাশ আৰু উদ্ভাৱনৰ প্ৰচেষ্টা বৃদ্ধি কৰা।

বজাৰ সমীক্ষাৰ অন্তত টিকেএমে বিশেষভাৱে ভাৰতীয় সেনা-বাহিনীৰ বাবে টয়োটা হাইলাক্সত সালসলনি কৰিছে। এই সংশোধনবোৰৰ ভিতৰত আছে দূৰৱৰ্তী স্থানৰ বাবে ফিল্ড ডায়েগন’ছিছ ভেহিকেল (এফডিভি) আৰু জৰুৰীকালীন পৰিস্থিতিৰ বাবে ৰেপিড ইণ্টাৰভেনচন ভেহিকেল (আৰআইভি)। এই সংশোধনসমূহৰ লক্ষ্য হৈছে ভাৰতীয় সেনা আৰু অন্যান্য গ্ৰাহকৰ বিকশিত গতিশীলতাৰ প্ৰয়োজনীয়তা পূৰণ কৰা আৰু ‘সকলোৰে বাবে গতিশীলতা’ নিশ্চিত কৰা। টিকেএমে জম্মুৰ এক আলোচনা চক্ৰত সাধাৰণ উদ্দেশ্যৰ হাইলাক্সো প্ৰদৰ্শন কৰে।

২০২৩ চনৰ জুলাই মাহত টিকেএমে ভাৰতীয় সেনাবাহিনীক প্ৰথমবাৰৰ বাবে হাইলাক্স বাহন যোগান ধৰে। এই উপলক্ষে মন্তব্য কৰি টয়োটা কিৰ্লোস্কাৰ মটৰৰ ষ্ট্ৰেটেজিক বিজনেছ ইউনিট (নৰ্থ) জেনেৰেল মেনেজাৰ ভি ৱাইজলাইন ছিগামানীয়ে কয় যে, “আহি থকা দিনত আমি আমাৰ সন্মানীয় ভাৰতীয় সেনাক অনন্য প্ৰয়োজনীয়তা পূৰণ আৰু নিৰ্দিষ্ট প্ৰতিৰক্ষা উদ্দেশ্য পূৰণৰ বাবে আমাৰ হাইলাক্স প্ৰস্তাৱসমূহ প্ৰস্তুত কৰি অটল সমৰ্থন আগবঢ়োৱাৰ বাবে প্ৰতিশ্ৰুতিবদ্ধ হৈ আছো।”

By Business Bureau

Leave a Reply

Your email address will not be published. Required fields are marked *