টায়াৰ ফাটি ট্ৰাকত প্ৰচণ্ড খুন্দা চাৰিচকীয়া বাহনৰ, ৪ জনৰ মৃত্যু

পুনে-মুম্বাই এক্সপ্ৰেছৱে’ত সংঘটিত এক মৰ্মান্তিক দুৰ্ঘটনাত ৪ জন লোকৰ মৃত্যু।

বিয়লি প্ৰায় ৫:৫৫ বজাত শিৰগাঁও আৰক্ষী এলেকাত সংঘটিত হয় এই দুৰ্ঘটনা। আৰক্ষীয়ে জনোৱা মতে, টায়াৰ ফাটি যোৱাৰ বাবেই এই দুৰ্ঘটনা সংঘটিত হয়।

মুম্বাইৰ পৰা পুনেলৈ দ্ৰুত গতিত গৈ থকা গাড়ীখনৰ টায়াৰ ফাটি পথত ৰখাই থোৱা ট্ৰাকৰ সৈতে খুন্দা মাৰে।

সংঘৰ্ষৰ প্ৰভাৱ ভয়াৱহ হোৱাৰ ফলত গাড়ীখনত থকা চাৰিওজন যাত্ৰীৰ মৃত্যু হয়। বৰ্তমানেও চিনাক্ত হোৱা নাই ভুক্তভোগীক। দুৰ্ঘটনাটোত গাড়ীখনৰ সন্মুখভাগ যথেষ্ট ক্ষতিগ্ৰস্ত হয়।

By editor

Leave a Reply

Your email address will not be published. Required fields are marked *