টাটা মটৰ্ছে ৫০ খন মেগনা ১৩.৫ মিটাৰ বাছৰ অৰ্ডাৰ লাভ কৰে

ভাৰতৰ আগশাৰীৰ বাণিজ্যিক বাহন নিৰ্মাতা টাটা মটৰ্ছে আজি ঘোষণা কৰে যে তেওঁলোকে বিজয়ানন্দ ট্ৰেভেলছৰ পৰা ৫০ খন মেগনা ১৩.৫ মিটাৰ বাছৰ বাবে এক অৰ্ডাৰ লাভ কৰিছে। অত্যাধুনিক, উৎকৃষ্ট ডিজাইন আৰু উন্নত বৈশিষ্ট্যৰ বাবে জনাজাত মেগনা বাছবোৰ , যিবোৰ তেওঁলোকৰ  সন্মত চুক্তিৰ চৰ্তাৱলী অনুসৰি পৰ্যায়ক্ৰমে বিজয়ানন্দ ট্ৰেভেলছলৈ প্ৰদান কৰা হ’ব। এই সম্পূৰ্ণৰূপে নিৰ্মিত বিএছ6 ডিজেল বাছবোৰে আন্তঃ-মহানগৰ পৰিবহন খণ্ডত আৰাম, ইন্ধন দক্ষতা আৰু নিৰ্ভৰযোগ্যতাৰ মানদণ্ড পুনৰ নিৰ্ধাৰণ কৰিবলৈ সাজু হৈছে।

টাটা মটৰ্ছ মেগনা বাছত ফিউছাৰষ্টিক কামিন্স ৬-চিলিণ্ডাৰ ইঞ্জিন, এবিএছ আৰু এণ্টি-ৰোল বাৰ, পেৰাবলিক পাত-স্প্ৰিং আৰু পিছফালৰ এয়াৰ চাচপেনশ্বন, উন্নত প্ৰযুক্তিগত সুবিধা, গিয়াৰ শ্বিফ্ট এডভাইজৰ, ফ্লীট এজ সংযোগ প্ৰণালী, আৰু ৪ বছৰ /৪ লাখ কিলোমিটাৰৰ ৱাৰেণ্টি।

ইয়াৰ মানদণ্ড অতুলনীয় যাত্ৰীআৰাম, ইন্ধন দক্ষতা আৰু মালিকীস্বত্বৰ ইকনমিকেল মুঠ ব্যয়ৰ বাবে প্ৰতিশ্ৰুতিবদ্ধ, আৰু ৪ বছৰ /৪ লাখ কিলোমিটাৰ ৱাৰেণ্টিৰ সৈতে উপলব্ধ। এই সন্দৰ্ভত টাটা মটৰ্ছে প্ৰডাক্ট লাইন – বাছৰ উপাধ্যক্ষ  ৰোহিত শ্ৰীবাস্তৱে কয়, “আমি নিশ্চিত যে আমাৰ অংশীদাৰীত্ব দুয়োপক্ষৰ বাবে ফলপ্ৰসূ হ’ব।”

By Business Bureau

Leave a Reply

Your email address will not be published. Required fields are marked *