আজি টাটা মটৰ্ছে এলট্ৰ’জ লাইন আপত দুটা নতুন ভেৰিয়েন্ট এক্সএম আৰু এক্সএম(এছ) মুকলি কৰাৰ কথা ঘোষণা কৰিছে, যাৰ আকৰ্ষণীয় মূল্য হৈছে ক্ৰমে ৬.৯০ লাখ আৰু ৭.৩৫ লাখ টকা (এক্স শ্ব’ৰুম, দিল্লী)।
এক্সএম(এছ)ত ইলেক্ট্ৰিক ছানৰুফকে ধৰি এই ভেৰিয়েণ্টসমূহত হাই-এণ্ড বৈশিষ্ট্যৰ সুবিধাই আলট্ৰ’জক ছানৰুফৰ সৈতে আগবঢ়োৱা আটাইতকৈ সুলভ প্ৰিমিয়াম হেচবেক কৰি তুলিছে। এক্সএম আৰু এক্সএম(এছ) ভেৰিয়েণ্ট অলট্ৰ’জ এক্সই আৰু এক্সএম+ৰ মাজত স্থাপন কৰা হ’ব, যাৰ ফলত এই বেষ্ট-চেলিং প্ৰিমিয়াম হেচবেকৰ আকৰ্ষণ আৰু বৃদ্ধি হ’ব।
এই ভেৰিয়েণ্টসমূহ মেনুৱেল ট্ৰেন্সমিছনৰ সৈতে কেৱল ১.২ এল ৰেভট্ৰন পেট্ৰ’ল ইঞ্জিনতহে উপলব্ধ হ’ব।