নাগালেণ্ডত টাটা এআইজি জেনেৰেল ইঞ্চুৰেন্স কোম্পানী লিমিটেডে “ৰাজ্যিক বীমা আঁচনি” পদক্ষেপৰ নেতৃত্ব দিছে, যাৰ লক্ষ্য হৈছে আইআৰডিএআইৰ উদ্যোগৰ জৰিয়তে বীমাৰ প্ৰৱেশ আৰু সজাগতা বৃদ্ধি কৰা। স্বাস্থ্য বীমাৰ প্ৰৱেশ আৰু সুৰক্ষাৰ ব্যৱধানৰ মূল কাৰণ হৈছে জনসাধাৰণৰ মাজত বীমা সজাগতা তুলনামূলকভাৱে কম। লগতে বীমা কোম্পানীবোৰৰ বিতৰণ নেটৱৰ্কৰ উপলব্ধতাৰ অভাৱৰ বাবেও এই ব্যৱধান দেখা যায়।
নাগালেণ্ড চৰকাৰে সাধাৰণ লোকৰ বাবে গ্ৰুপ হেল্থ ইঞ্চুৰেন্স সমাধান আগবঢ়াই নিম্নবীমা(আণ্ডাৰ ইঞ্চুৰেন্স) আৰু সজাগতাৰ অভাৱ দূৰ কৰাৰ বাবে মোকাবিলা কৰিছে। এই সমাধানবোৰে হাস্পতালত ভৰ্তি হোৱা বা চিকিৎসাৰ বাবে বিত্তীয় সাহায্য প্ৰদান কৰে আৰু পকেট বা হিচাপৰ বাহিৰৰ ব্যয় হ্ৰাস কৰে। টাটা এআইজি জেনেৰেল ইঞ্চুৰেন্স কোম্পানী লিমিটেডে স্বাস্থ্য বীমা আঁচনি বাছনি কৰাৰ সময়ত জনসাধাৰণৰ ক্ৰয় ক্ষমতা মূল্যায়ন কৰাৰ ওপৰত সৰ্বাধিক গুৰুত্ব আৰোপ কৰে। নাগালেণ্ডৰ নাগৰিকসকলক অপ্ৰত্যাশিত বা অভাৱনীয় স্বাস্থ্যসেৱা খৰচৰ পৰা নিজকে আৰু নিজৰ পৰিয়ালক সুৰক্ষিত কৰিবলৈ চৰকাৰী স্বাস্থ্য বীমা আঁচনিত নাম ভৰ্তি বা এনৰোল কৰিবলৈ উৎসাহিত কৰা হৈছে।
টাটা এআইজি জেনেৰেল ইঞ্চুৰেন্স কোম্পানী লিমিটেডৰ মুখ্য কাৰ্যবাহী বিষয়া তথা এমডি নীলেশ গাৰ্গে নাগালেণ্ডত বীমাৰ বিষয়ে সজাগতা বৃদ্ধিৰ বাবে চৰকাৰৰ দায়বদ্ধতাৰ প্ৰশংসা কৰে। এই বিষয়ে তেওঁ কয় যে, “বীমাৰ গুৰুত্ব আৰু বীমা ক্ৰয় আৰু দাবী প্ৰক্ৰিয়া কেনেকৈ সহজ, দ্ৰুত আৰু মানুহৰ প্ৰয়োজনীয়তা পূৰণ কৰাৰ বাবে নিজৰ ইচ্ছানুযায়ী অনুকূলিত হয় সেই বিষয়ে মানুহক সজাগ কৰাত সহায় কৰিবলৈ আমি কেইবাটাও স্থানীয় পদক্ষেপ গ্ৰহণ কৰিম।”