টাটা এআইএ লাইফ ইঞ্চুৰেন্সে আগবঢ়াইছে স্মল কেপ ডিস্কভাৰী ফাণ্ড

ভাৰতৰ অন্যতম অগ্ৰণী জীৱন বীমা প্ৰতিষ্ঠান টাটা এ আই এ লাইফ ইঞ্চুৰেন্স(টাটা এ আই এ)ৰ প্ৰথমটো সমৰ্পিত স্মল-কেপ ফাণ্ড টাটা এ আই এ স্মল কেপ ডিস্কভাৰী ফাণ্ড আৰম্ভ কৰিছে। এই নতুন পুঁজিয়ে পলিচি থকাসকলৰ বাবে কম মূল্যৰ বজাৰ মূলধন ষ্টকত বিনিয়োগৰ জৰিয়তে দীৰ্ঘম্যাদী মূলধনৰ সুবিধা আগবঢ়ায়। ২০২৩ চনৰ ১০ জুলাইৰ পৰা ২৪ জুলাইলৈ নিউ ফাণ্ড অফাৰিং (এনএফঅ’) উইণ্ড’ খোলা থাকিব। প্ৰতি ইউনিটত হ’ব ১০ টকা, কেৱল এনএফঅ’ৰ সময়ছোৱাতহে প্ৰযোজ্য।

স্মল কেপ ষ্টকসমূহে ৪,৫০০ টাতকৈও অধিক ভাৰতীয় প্ৰতিষ্ঠান গঠন কৰিছে, ইয়াৰে ৫০০ প্ৰতিষ্ঠানৰ মাৰ্কেট কেপ ২০০০ কোটি টকাৰ ওপৰত আছে। এই ষ্টকসমূহে বিনিয়োগৰ বিভিন্ন পৰিসৰৰ সুযোগ প্ৰদান কৰে, কিন্তু বজাৰৰ গতিশীলতাৰ বাবে উচ্চ অস্থিৰতা(ভলেটিলিটী)ৰ প্ৰতিও সংবেদনশীল হ’বলগীয়া হয়। এই পুঁজিসমূহৰ পৰা লাভ সম্পূৰ্ণৰূপে উপভোগ কৰিবলৈ বিনিয়োগকাৰীসকলক বিনিয়োগৰ দীঘলীয়া সময়ৰ প্ৰয়োজন। টাটা এ আই এৰ গৱেষণা প্ৰক্ৰিয়া আৰু গৱেষণা পদ্ধতিৰ সহায়ত ২০২৩ চনৰ ৩১ মে’লৈকে এইউএম ৩০% বৃদ্ধি কৰি ৭৫,১৯২ কোটি টকা হৈছেগৈ।

টাটা এআইএ লাইফ ইঞ্চুৰেন্সৰ কাৰ্যবাহী উপাধ্যক্ষ আৰু মুখ্য বিনিয়োগ বিষয়া হৰ্ষদ পাটিলে স্মল-কেপ ডিস্কভাৰী ফাণ্ডৰ শুভাৰম্ভৰ ওপৰত বিশেষভাৱে আলোকপাত কৰে। তেওঁ কয় যে, “এই শক্তি(ফৰ্চ)বোৰৰ প্ৰতি লক্ষ্য ৰাখি টাটা এআইএ স্মল-কেপ ডিস্কভাৰী ফাণ্ডে আমাৰ পলিচিধাৰকসকলক এনে সুযোগবোৰ আগতীয়াকৈ চিনাক্ত কৰি মধ্যমৰ পৰা দীৰ্ঘম্যাদী সময়লৈ  বিনিয়োগ কৰি নিজৰ বিনিয়োগ সৰ্বাধিক কৰাৰ এক উৎকৃষ্ট সুযোগ প্ৰদান কৰে।”

By Business Bureau

Leave a Reply

Your email address will not be published. Required fields are marked *