জৈৱ বৈচিত্ৰ্য সংৰক্ষণ বিষয়ক লৈ ডিমাকুছিত সংবাদ মাধ্যমৰ সৈতে বন বিভাগ, আৰণ্যকৰ বাৰ্তালাপ

অসমৰ ওদালগুৰি জিলাৰ ডিমাকুছিস্থিত সদৌ বডো ক্ষুদ্ৰ চাহ খেতিয়ক সন্থাৰ প্ৰেক্ষাগৃহত ১৯ জুন তাৰিখে জ্যেষ্ঠ সংৰক্ষণ বিজ্ঞানী ড০ বিভূতি প্ৰসাদ লহকৰৰ নেতৃত্বত আৰণ্যকৰ এটা দলে সাংবাদিক সকলৰ সৈতে জৈৱ বৈচিত্ৰ্য সংৰক্ষণ আৰু মানৱ-বন্যপ্ৰাণীৰ সহাৱস্থানৰ উপায় সন্দৰ্ভত বাৰ্তালাপ কৰে। সাংবাদিক সকলে জৈৱ বৈচিত্ৰ্য সংৰক্ষণৰ সৈতে জড়িত স্থানীয় বিষয়সমূহৰ লগতে ওদালগুৰি জিলাৰ মানৱ-হাতী সংঘাত (এইচ ই চি)ৰ সম্পৰ্কত মূল্যৱান মতামত আগবঢ়োৱা এই বাৰ্তালাপ অনুষ্ঠান আৰণ্যকৰ দলটোৰ কাৰণে এক জ্ঞানদায়ক অভিজ্ঞতা আছিল ।

ধনশিৰি বন সংমণ্ডলৰ ডি এফ অ’ দিবাকৰ দাস মুখ্য অতিথি হিচাপে উপস্থিত থকা এই বাৰ্তালাপ অনুষ্ঠানৰ আৰম্ভণিতে ড০ লহকৰে মানৱ-হাতী সংঘাতৰ বিশ্ব আৰু স্থানীয় স্থিতি, মানৱ-হাতী সংঘাতৰ প্ৰশমন আৰু সহাৱস্থানৰ সুচল পৰিৱেশ সৃষ্টিৰ সৈতে জড়িত বিভিন্ন বিষয় আৰু এই ক্ষেত্ৰত সংবাদ মাধ্যমে ল’ব পৰা মূল ভূমিকাৰ বিষয়ে প্ৰাঞ্জল ভাৱে উপস্থাপন কৰে ।

ডি এফ অ’ দাসে জৈৱ বৈচিত্ৰ্য সংৰক্ষণ আৰু মানৱ আৰু বন্যপ্ৰাণীৰ সহাৱস্থানৰ বাবে লোৱা সংহত প্ৰচেষ্টাক আগবঢ়াই নিয়াৰ বাবে সংবাদ মাধ্যমৰ লগতে বেচৰকাৰী সংস্থাসমূহৰ পৰা আশা কৰা ইতিবাচক সহযোগিতাৰ ওপৰত আলোকপাত কৰে ।

আৰণ্যকৰ এজন জ্যেষ্ঠ ব্যৱ্স্থাপক জয়ন্ত কুমাৰ পাঠকে এক গুৰুত্বপূৰ্ণ উপস্থাপনৰ জৰিয়তে সাংবাদিক সকলৰ সৈতে জৈৱ বৈচিত্ৰ্যৰ বিস্তৃত বিষয়সমূহ আৰু ইয়াৰ ব্যাপক প্ৰভাৱৰ বিষয়ে আলোচনা কৰে । তেওঁ লগতে ‘এক স্বাস্থ্য’ নীতিৰ প্ৰেক্ষাপটত জৈৱ বৈচিত্ৰ্য সংৰক্ষণৰ বাবে উদ্ভিদকূল আৰু প্ৰাণীকূলৰ প্ৰতিটো প্ৰজাতি কিমান গুৰুত্বপূৰ্ণ তাৰ ওপৰত আলোকপাত কৰে।

সংবাদ মাধ্যমৰ সৈতে হোৱা বাৰ্তালাপত আৰণ্যকৰ কাৰ্যবাহী সদস্য আৰু নথিপত্ৰ পৰামৰ্শদাতা বিজয় শংকৰ বৰাই বিশ্বৰ যিকোনো স্থানত থকা সাংবাদিকে কিদৰে ডিজিটেল সুবিধা ব্যৱহাৰ কৰি জৈৱ বৈচিত্ৰ্য সংৰক্ষণৰ জটিল বিষয়ক বিৱৰ্ধিত ৰুপত তুলি ধৰিব পাৰে আৰু ‘এক পৃথিৱী এক স্বাস্থ্য’ ভাৱনাৰ সুবিধা লৈ চৰ্চিত বিশ্ব সমস্যা কৰি তুলিব পাৰে সেই বিষয়ে আলোকপাত কৰে । তেওঁ কয় ‌- এই জটিল সন্ধিক্ষণত বিশজুৰি সংৰক্ষণৰ প্ৰতি অনুৰাগ থকা এক যুক্তিসংগত সংবাদ মাধ্যমৰ প্ৰয়োজন হৈছে ।

By editor

Leave a Reply

Your email address will not be published. Required fields are marked *