জেএলআৰ ইণ্ডিয়াই আয়োজন কৰিছে নিজৰ নিয়মীয়া বাৰ্ষিক হলীডে চাৰ্ভিছ কেম্প

জে এল আৰ ইণ্ডিয়াই ২০২৩ৰ ৪ ডিচেম্বৰৰ পৰা ৯ ডিচেম্বৰলৈ বাৰ্ষিক হলীডে চাৰ্ভিছ কেম্প আয়োজনৰ কথা ঘোষণা কৰিছে, এই হলীডে চাৰ্ভিছ কেম্প ভাৰতৰ সকলো অনুমোদিত খুচুৰা বিক্ৰেতা(ৰিটেইলাৰ)ৰ মাজত অনুষ্ঠিত হ’ব। এই বাৰ্ষিক শিবিৰত ক্লায়েণ্টসকলে ব্ৰেণ্ডেড সামগ্ৰী, আনুষংগিক সামগ্ৰী আৰু মূল্য সংযোজিত সেৱাৰ ওপৰত বিস্তৃত বাহন পৰীক্ষা আৰু একচেটিয়া অফাৰৰ দ্বাৰা লাভান্বিত হ’ব পাৰে। সকলো বাহনত উচ্চ প্ৰশিক্ষিত টেকনিচিয়ানসকলে অংশগ্ৰহণ কৰি পৰীক্ষণ কৰিব আৰু প্ৰয়োজন হ’লে জেএলআৰ জেনুইন পাৰ্টছৰ আশ্বাস প্ৰাপ্ত কৰিব। এই কেম্পত ব্ৰেক, ৱাইপাৰ, টায়াৰ, ফ্লুড(তৰল পদাৰ্থ)ৰ মাত্ৰা আৰু বেটাৰীৰ অৱস্থাৰ পৰীক্ষাকে ধৰি ৩২-পইণ্টৰ বিস্তৃত ইলেক্ট্ৰনিক বাহনৰ হেল্থ চেক-আপ কৰা হ’ব, যাতে গৰাকীসকলৰ নিৰাপদ আৰু সুৰক্ষিত যাত্ৰা নিশ্চিত হয়।

চাৰ্ভিছ কেম্পত চালকৰ সৈতে গ্ৰাহকসকলৰ বাবে বিশেষভাৱে প্ৰস্তুত কৰা এক চালক প্ৰশিক্ষণ কাৰ্যসূচী প্ৰদান কৰা হয়, য’ত ড্ৰাইভিং আৰু বাহনৰ তত্বাৱধান(মেইনটেনেঞ্চ)কো সামৰি লোৱা হয়। এই বিষয়ে জেএলআৰ ইণ্ডিয়াৰ পৰিচালন সঞ্চালক ৰাজন আম্বাই কয় যে, “শীতকালীন সময় অহাৰ লগে ৰাজপথত সুৰক্ষা নিশ্চিত কৰাৰ লগতে ভ্ৰমণ কৰা স্মৰণীয় পথবোৰত উন্নত আৰু আৰামদায়ক প্ৰদৰ্শন অব্যাহত ৰাখিবলৈ আমাৰ অনুকূলিত সেৱাসমূহত বিনিয়োগে সম্পূৰ্ণ মানসিক শান্তিৰ নিশ্চয়তা প্ৰদান কৰে।”

এই সেৱাসমূহ লাভ কৰিবলৈ গ্ৰাহকে ২০২৩ চনৰ ৪ ডিচেম্বৰৰ পৰা ৯ ডিচেম্বৰলৈকে পুৱা ৯:৩০ বজাৰ পৰা বিয়লি ৪:৩০ বজাৰ ভিতৰত নিকটতম অনুমোদিত খুচুৰা বিক্ৰেতাৰ সৈতে নিজৰ এপইণ্টমেণ্ট নিৰ্ধাৰণ কৰি ল’ব পাৰে।

By Business Bureau

Leave a Reply

Your email address will not be published. Required fields are marked *