এফআইআইটি জেইইয়ে জেইই এডভান্সড ২০২৩ পৰীক্ষাত শিক্ষাৰ্থীৰ ব্যতিক্ৰমী কৃতিত্ব উদযাপন কৰিছে। শিক্ষাৰ সামগ্ৰিক দৃষ্টিভংগী, মূল্যবোধ, নৈতিকতা আৰু শিক্ষণ পদ্ধতিৰ ওপৰত বিশেষভাৱে আলোকপাত কৰি দীৰ্ঘদিনীয়া পাঠদান অবিহনেই পৰিৱৰ্তনশীল আকৰ্ষণীয় সফলতা নিশ্চিত কৰিছে। এফআইআইটি জেইইৰ শিক্ষাৰ্থীসকলে জেইই এডভান্সড ২০২৩ পৰীক্ষাত আধিপত্য বিস্তাৰ কৰিছে। ইয়াৰ ভিতৰত ৩জন শিক্ষাৰ্থীয়ে শীৰ্ষ ১০ আৰু শীৰ্ষ ১০০ৰ ভিতৰত ৩৭জন শিক্ষাৰ্থীয়ে স্থান লাভ কৰিছে। ঋষি কালৰা, প্ৰভৱ খাণ্ডেলৱাল আৰু মলয় কেডিয়াই উল্লেখযোগ্য সফলতা অৰ্জন কৰিছে, যিয়ে অল ইণ্ডিয়া ৰেংকত শীৰ্ষস্থান অৰ্জন কৰিছে।
এই অসাধাৰণ ব্যক্তিবাদী সাফল্যৰ লগতে এফআইআইটি জেইইয়ে ছাত্ৰীৰ মাজত ৩গৰাকী আইআইটি জেইই জ’ন টপাৰ আৰু এজন IIT দিল্লী জ’ন টপাৰ, ৫গৰাকী ষ্টেট টপাৰ আৰু ১৯গৰাকী চিটী টপাৰৰ সফলতাক উদযাপন কৰিছে। এই ফলাফলে শিক্ষাৰ মানসিক চাপমুক্ত দৃষ্টিভংগীক প্ৰৌজ্বল কৰি তুলিছে যিয়ে বিশ্লেষণাত্মক, সৃষ্টিশীল আৰু উচ্চ-স্তৰৰ চিন্তাৰ দক্ষতা বৃদ্ধি কৰে। । ফিআইআইটিজেইইৰ পৰিৱৰ্তনশীল শিক্ষা পদ্ধতি আৰু সুস্থ শিক্ষণ পৰিৱেশে ছাত্ৰ-ছাত্ৰীসকলক প্ৰতিযোগিতামূলক পৰীক্ষাত অসাধাৰণ সফলতা লাভ কৰিবলৈ সক্ষম কৰি তুলিছে। লগতে শিক্ষাৰ্থীৰ কল্যাণ, শৈক্ষিক বৃদ্ধি আৰু ইতিবাচক ব্যক্তিত্বৰ বৈশিষ্ট্যসমূহক প্ৰসাৰিত কৰিছে।
এফআইআইটি জেইই গ্ৰুপৰ সঞ্চালক আৰ এল ত্ৰিখাই সফল শিক্ষাৰ্থী আৰু নিষ্ঠাবান শিক্ষাগুৰুসকলক আন্তৰিক অভিনন্দন আৰু সম্বৰ্ধনা জ্ঞাপন কৰে। এই বিষয়ে উচ্ছাসেৰে মন্তব্য কৰে যে, “জেইইত আমাৰ ছাত্ৰ-ছাত্ৰীৰ সফলতাই শিক্ষাৰ্থীসকলৰ ভিতৰত সৰ্বশ্ৰেষ্ঠ খিনি উলিয়াই অনাৰ ক্ষেত্ৰত এফআইআইটিজেইইৰ মানসিক চাপমুক্ত দৃষ্টিভংগীৰ কাৰ্যকৰীতাৰ প্ৰমাণ।”