জুৰ’ড বিদ্যাপীঠ হাইস্কুলত পুথিভঁৰাল আৰু গ্ৰন্থ উন্মোচন সম্পন্ন

প্ৰগতিশীল লিখক  ,কবি -সাহিত্যিক সদ্য প্ৰয়াত জ্যোতিষ পাটোৱাৰীৰ প্ৰথম মৃত্যুবাৰ্ষিকী  উপলক্ষে  কালি তেওঁৰ  স্মৃতিত

 জুৰ’ড বিদ্যাপীঠ হাইস্কুলত  পুথিভঁৰাল , অধ্যয়ন কক্ষ আৰু “মন্থন”শীৰ্ষক   গ্ৰন্থখন আনুষ্ঠানিক ভাৱে  উন্মোচন কৰা হয়। উল্লেখযোগ্য যে প্ৰয়াত জ্যোতিষ  পাটোৱাৰীৰ পৰিয়াল বৰ্গই তেখেতৰ  স্মৃতিত শৈক্ষিক প্ৰতিষ্ঠান খনলৈ আগবঢ়াই এই পুথিভঁৰাল আৰু অধ্যয়ন কক্ষ।  ইপিনে আজিৰ এই বিশেষ অনুষ্ঠানত উন্মোচক হিচাপে উপস্থিত থাকি গ্ৰন্থ অধ্যয়ন ইয়াৰ উপকাৰীতাৰ বিদ্যালয়ত পুথিভঁৰালৰ প্ৰয়োজনীয়তা আৰু ইয়াৰ গুৰুত্বৰ ওপৰত সাৱলীল মন্তব্য আগবঢ়াই কামৰূপ মহানগৰ জিলাৰ বিদ্যালয় পৰিদৰ্শক প্ৰসন্ন কুমাৰ বৰাই। ইপিনে অনুপম চৌধুৰীৰ সভাপতিত্বত অনুষ্ঠিত হোৱা আজিৰ  বিশেষ উন্মোচনী সভাত বিশিষ্ট অতিথি হিচাপে উপস্থিত থাকি জ্যোতিষ পাটোৱাৰীৰ কৰ্মৰাজিৰ লগতে কি দৰে প্ৰয়াত পাটোৱাৰীৰ   জুৰ’ড বিদ্যাপীঠ হাইস্কুলৰ লগত আত্মিক সম্পৰ্ক গঢ়ি উঠিছিল তাৰ ওপৰত শ্ৰুতিমধুৰ ভাষণ ৰাখে। একেটা অনুষ্ঠানতে জ্যোতিষ পাটোৱাৰীৰ জীৱন বৃত্তান্ত সামৰিক প্ৰকাশ কৰি উলিওৱা মন্থন শীৰ্ষক গ্ৰন্থখন  আজি উন্মোচন কৰি গুৱাহাটী বিশ্ববিদ্যালয়ৰ অৱসৰী অধ্যাপক ডঃ অৱনী কুমাৰ ভগৱতীয়ে সাম্প্ৰতিক সময়তো যে গ্ৰন্থ অধ্যয়ন সম্পৰ্কত সাৰুৱা ভাষণ আগবঢ়াই । ইপিনে গ্ৰন্থ উন্মোচনী সভাত আমন্ত্ৰিত অতিথি হিচাপে উপস্থিত থাকে সাহিত্য সংগঠক তৰুণ বৰ্মন,গিৰীন্দ্ৰ নাথ ডেকা , ভৱেন্দ্ৰ নাথ  গোস্বামী , জুৰ’ড হাইস্কুলৰ শিক্ষক- শিক্ষয়ত্ৰীৰ লগতে ছাত্ৰী-ছাত্রীৰ সকল।ইপিনে প্ৰণীতা শইকীয়াৰ আদৰণি ভাষণৰে  আৰম্ভ হোৱা গাম্ভীৰ্যপূণ সভাখন দীপিকা ডেকা পাটোৱাৰীৰ শলাগৰ শৰাইৰে সামৰণি পৰে।

By editor

Leave a Reply

Your email address will not be published. Required fields are marked *