গ্ৰীচত চলি থকা আইডব্লিউএফ জুনিয়ৰ বিশ্ব ভাৰোত্তোলন চেম্পিয়নশ্বিপত ভাৰতৰ দ্যানেশ্বৰী যাদৱে মহিলাৰ ৪৯ কিলোগ্ৰাম শাখাত ব্ৰঞ্জৰ পদক অৰ্জন কৰাৰ বিপৰীতে ভি ৰিতিকাই তৃতীয় স্থান লাভ কৰে। ছত্তীশগড়ৰ দনেশ্বৰীয়ে ১৫৬ কিলোগ্ৰাম (৭৩ আৰু ৮৩ কিলোগ্ৰাম) ভাৰোত্তোলন কৰে। একে সময়তে, ১৮ বছৰীয়া ৰিতিকাই ১৫০ কিলোগ্ৰাম (৬৯ কিগ্ৰা আৰু ৮১ কিগ্ৰা) ভৰাউত্তোলন কৰি ব্ৰঞ্জৰ পদক জিকে। এই শ্ৰেণীত মাত্ৰ ১০ জন প্ৰতিযোগী আছিল।
টকিঅ’ অলিম্পিকৰ ব্ৰঞ্জ পদক বিজয়ী ইণ্ডোনেছিয়াৰ উইণ্ডি চি আইছাহে ১৮৫ কিলোগ্ৰাম ওজন তুলি সোণৰ পদক অৰ্জন কৰে। তেওঁৰ আৰু দ্যানেশ্বৰীৰ প্ৰদৰ্শনৰ মাজত ২৯ কিলোগ্ৰামৰ পাৰ্থক্য আছিল। চীন, উত্তৰ কোৰিয়া আৰু থাইলেণ্ডৰ দৰে অভিজ্ঞ দেশসমূহে এই প্ৰতিযোগিতাত অংশগ্ৰহণ কৰা নাই। এইটো একেটা ওজনৰ শ্ৰেণী য’ত মীৰাবাঈ চানুৱে টকিঅ’ অলিম্পিকত ২০২ কিলোগ্ৰাম ভাৰোউত্তোলন কৰি ৰূপৰ পদক জিকিছিল। যোৱা বছৰ এছিয়ান চেম্পিয়নশ্বিপত ১১৯ কিলোগ্ৰাম উত্তোলন কৰাৰ সময়ত চানুৱে ক্লিন এণ্ড জাৰ্ক শ্ৰেণীত বিশ্ব অভিলেখ গঢ়িছিল।ভাৰতে এই প্ৰতিযোগিতাখনত তিনিটা পদক জিকিছে। ইয়াৰ পূৰ্বে সোমবাৰে হৰ্ষদা শৰদ গৰুড়ে সোণৰ পদক জিকিছিল। ৰাছিয়া আৰু বেলাৰুছক আইডব্লিউএফ প্ৰতিযোগিতাত অংশগ্ৰহণ কৰিবলৈ বাধা দিয়া হৈছে। যোৱা ছিজনত, ৰাছিয়াই সৰ্বাধিক নটা পদক জিকিছিল।