গুৱাহাটীৰ পশ্চিম প্ৰান্তৰ আজাৰাস্থিত গিৰিজানন্দ চৌধুৰী অৱ মেনেজমেন্ট এণ্ড টেকনলজীৰ (জিআইএমটি) উদ্যোগত কালি সদৌ অসম প্ৰাইজমাণী কুইজ প্রতিযোগিতাৰ আযোজন কৰা হয়৷ এই প্ৰতিযোগিতাত অসমৰ বিভিন্ন বিদ্যালয়, মহাবিদ্যালয়ৰ পৰা মুঠ ২২ টা দলে যোগদান কৰে৷ প্ৰতিযোগিতখন পৰিচালনা কৰে বিখ্যাত কুইজ মাষ্টাৰ দিপাঙ্কৰ কৌশিকে। প্রথম স্থান অধিকাৰ কৰে নগাওঁৰ কণ্চেস্ত জুনিয়ৰ কলেজৰ আদিত্য গল্লব নাথ আৰু কেন্দ্ৰীয় বিদ্যালয়ৰ অভিজ্ঞান শান্দিল্যই৷ দ্বিতীয় স্থানত বিজয়ী হয় তেজপুৰৰ দৰং কলেজৰ দিপম সাহা আৰু ইস্পায়াৰ একাডেমীৰ ধৃতিমান সাৱণীৰ দলে তৃতীয় স্থান অধিকাৰ কৰে গুৰুকুল গ্ৰামাৰ চিনিয়ৰ চেকেণ্ডাৰী স্কুলৰ মহানব কাশ্যপ আৰু ইন্টাৰনেশ্যনেল স্কুলৰ পিয়ুশ প্ৰহাৰাজৰ দলে ৷ প্ৰতিযোগীসকলক চেক, মানপত্ৰ আৰু ট্ফী প্ৰদান কৰা হয়।
জি আই এম টিত কুইজ প্রতিযোগিতা
