জামুগুৰিহাটত ভয়ংকৰ দুৰ্ঘটনাত নিহত ছাত্ৰ, আহত ৪ জন

শোণিতপুৰ জিলাৰ অন্তৰ্গত জামুগুৰিহাটত সংঘটিত এক বৃহৎ দুৰ্ঘটনাত ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ এজন ছাত্ৰ নিহত হোৱাৰ বিপৰীতে আন চাৰিজন আহত হয়।

শনিবাৰে পুৱাই সংঘটিত হয় এই দুৰ্ঘটনাটো। ‘এ এছ ০১ বি জি ৯৭১০’ নম্বৰৰ এখন চুইফট বাহনে পিছফালৰ পৰা তীব্ৰ বেগেৰে ডাম্পাৰ ট্ৰাকৰ সৈতে খুন্দা মাৰে।

এই আঘাতত এজন যাত্ৰী নিহত হোৱাৰ লগতে আন চাৰিজন আহত হয়।

নিহত ছাত্ৰজন লুকু শৰ্মা বুলি চিনাক্ত কৰা হৈছে।

জানিব পৰা মতে, ডিব্ৰুগড় জিলাৰ পৰা মঙলদৈলৈ আহি থকা অৱস্থাত জামুগুৰিহাটৰ ধলাইবাৰী অঞ্চলত সংঘটিত হয় দুৰ্ঘটনা।

ঘটনাৰ পিছতে স্থানীয় আৰক্ষীয়ে দুৰ্ঘটনাস্থলীত উপস্থিত হৈ পৰিস্থিতিৰ বুজ লয়।

ইয়াৰ পিছতে আটাইকেইজন আহতক চিকিৎসাৰ বাবে ধলাইবিল প্ৰাথমিক স্বাস্থ্য কেন্দ্ৰলৈ প্ৰেৰণ কৰা হয় যদিও পিছত শোণিতপুৰ জিলাৰ টুমুকী গাঁৱৰ সমীপৰ চিকিৎসালয়লৈ প্ৰেৰণ কৰা হয়।

By editor

Leave a Reply

Your email address will not be published. Required fields are marked *