জম্মু-কাশ্মীৰত সন্ত্ৰাসবাদীৰে সংঘৰ্ষত শ্বহীদ ৫ সেনা জোৱান…

জম্মু-কাশ্মীৰৰ ৰাজৌৰীত সন্ত্ৰাসবাদ বিৰোধী অভিযানৰ সময়ত শ্বহীদ ৫ গৰাকী ভাৰতীয় সেনা জোৱান।

ৰাজৌৰী জিলাৰ কাণ্ডি বনাঞ্চলত সংঘটিত হয় এই সংঘৰ্ষ।

বৰ্তমানো সন্ত্ৰাসবাদীৰ বিৰুদ্ধে অঞ্চলটোত অব্যাহত ৰখা হৈছে সেনাৰ অভিযান।

সেনাৰ এগৰাকী মুখপাত্ৰই জানিবলৈ দিয়া মতে, ৰাজৌৰীত বন্ধ কৰি দিয়া হৈছে ইণ্টাৰনেট সেৱা।

জানিব পৰা মতে, কাণ্ডি বনাঞ্চলত সন্ত্ৰাসবাদীৰ এটা দলে আত্মগোপন কৰি থকাৰ খবৰ লাভ কৰাৰ পিছতে সেনাই অভিযান আৰম্ভ কৰে।

এই অভিযানৰ সময়ত সন্ত্ৰাসবাদীৰ দ্বাৰা সংঘটিত বিস্ফোৰণত দুগৰাকী জোৱান থিতাতে শ্বহীদ হোৱাৰ বিপৰীতে আন ৪জন গুৰুতৰভাৱে আহত হয়।

আহত জোৱান কেইজনক লগে লগে হাস্পতালত ভৰ্তি কৰোৱা হয় যদিও চিকিৎসাধীন অৱস্থাতে পুনৰ মৃত্যু ঘটে আন তিনিগৰাকী জোৱানৰ।

উল্লেখ্য যে, চৰকাৰে জম্মু-কাশ্মীৰত শান্তি প্ৰতিষ্ঠা কৰা বুলি দাবী কৰি অহাৰ সময়তে প্ৰতিদিনে সংঘটিত সন্ত্ৰাসবাদীৰ এনে আক্ৰমণৰ ঘটনাই পুনৰ এবাৰ আতংকিত কৰি তুলিছে কেন্দ্ৰীয় শাসিত প্ৰদেশখনৰ নিৱাসীসকলক।

By editor

Leave a Reply

Your email address will not be published. Required fields are marked *