জম্মু-কাশ্মীৰত CRPFৰ বাহন দুৰ্ঘটনা, ৯ গৰাকী জোৱান আহত

দেওবাৰে জম্মু-কাশ্মীৰৰ গান্দেৰবাল জিলাত সংঘটিত এক পথ দুৰ্ঘটনাত কেন্দ্ৰীয় ৰিজাৰ্ভ আৰক্ষী বাহিনীৰ (চিআৰপিএফ) ৯ গৰাকী জোৱান আহত হয়।

আৰক্ষীৰ সূত্ৰই জানিবলৈ দিয়া মতে চিআৰপিএফৰ জোৱানসকল যাত্ৰা কৰা বাহনখন সোণামাৰ্গৰ নীলগ্ৰাদ অঞ্চলত সিন্ধু সোঁতত বাগৰি পৰে।

দুৰ্ঘটনাটো নীলগ্ৰাড অঞ্চলৰ হেলিপেডৰ ওচৰত সংঘটিত হয়। যাৰ ফলত বাহনখনৰ সকলো আৰোহী আঘাতপ্ৰাপ্ত হয়।

তেওঁলোকক চিকিৎসাৰ বাবে বালতাল আধাৰ শিবিৰৰ চিকিৎসালয়লৈ স্থানান্তৰ কৰা হৈছে।

জানিব পৰা মতে, চিআৰপিএফৰ জোৱানসকলক অমৰনাথ যাত্ৰাৰ দায়িত্বত নিয়োজিত কৰা হৈছিল।

By editor

Leave a Reply

Your email address will not be published. Required fields are marked *