পৰিয়াল আৰু বন্ধু-বান্ধৱ বা আত্মীয়ৰ সমাগম হোৱা শুভ অনুষ্ঠানত অৰ্ডাৰ বৃদ্ধিৰ বাবে পৰিচিত চহৰ গুৱাহাটীত ৰেষ্টোৰাঁ, ব্ৰেণ্ড, ডেলিভাৰী পাৰ্টনাৰৰ সৈতে অংশীদাৰিত্ব কৰি এই দুৰ্গা পূজাৰ বাবে প্ৰস্তুতি চলাইছে ছুইগীয়ে।
ছুইগীয়ে চহৰখনৰ প্ৰিয় ৰেষ্টুৰেণ্টসমূহত আকৰ্ষণীয় অফাৰ প্ৰদান কৰি এই উৎসৱত যোগ দিছে। ১৫ অক্টোবৰৰ পৰা ২৪ অক্টোবৰলৈ ছুইগীয়ে এক্সক্লুছিভ ৰেহাই প্ৰদান কৰিছে, যাৰ ভিতৰত গুৱাহাটীৰ আগশাৰীৰ ৰেষ্টুৰেণ্টসমূহৰ অৰ্ডাৰত অতি কমেও ১৫০ টকা ডিছকাউণ্ড, এই ৰেহাই আগবঢ়াব ডম চফৰ বিৰিয়ানী, ৪৭ গ্ৰে হাউছ কেফে, লামা, নিৰু’ছ ধাবা, কৰি’ছ, হাংগ্ৰী বুদ্ধা আৰু হেমলাতা ধাবাকে ধৰি বহুতো ৰেষ্টুৰেণ্টে।
ছুইগী/ দুৰ্গা পূজা অভিযানে দৰ্শকক পূজাৰ প্ৰস্তুতিৰ মাজেৰে এক মনোমোহা যাত্ৰালৈ লৈ যায়, যাৰ দ্বাৰা ছুইগীৰ ডেলিভাৰীসমূহ উদযাপনৰ সৈতে জড়িত হিচাপে প্ৰদৰ্শন কৰে। ইয়ে এক পৰিচিত পৃথিৱী কঢ়িয়াই আনে, যিবোৰ এক বিকল্প সময়ৰেখাৰ পৰা বাহনসকলৰ সৈতে মিল খায়, ছুইগীক পূজাৰ সময়ত “সুখৰ বাহন” হিচাপে প্ৰদৰ্শন কৰে। এই বিষয়ে ছুইগীৰ ফুড মাৰ্কেট প্লেচৰ চিইঅ’ ৰোহিত কাপুৰে কয় যে, “এয়া আমাৰ বাবে কেৱল উৎসৱত অংশগ্ৰহণ কৰাই নহয়, প্ৰতিটো অনুষ্ঠানক স্মৰণীয় কৰি তোলাৰ এয়া এক সুযোগ।”