চেন্নাইত ইচিএছডব্লিউজিৰ বৈঠকৰ সমাপ্তি

ভাৰতৰ জি-২০ সভাপতিত্বৰ অধীনত পৰিৱেশ আৰু জলবায়ু বহনক্ষমতা কাৰ্যকৰী গোট (ইচিএছডব্লিউজি)ৰ মন্ত্ৰী পৰ্যায়ৰ বৈঠক শুকুৰবাৰৰ পৰা চেন্নাইত অনুষ্ঠিত হয়। কেন্দ্ৰীয় পৰিৱেশ, বন আৰু জলবায়ু পৰিৱৰ্তন মন্ত্ৰীৰ সভাপতিত্বত অনুষ্ঠিত হোৱা এই বৈঠকত জলসম্পদ ব্যৱস্থাপনা আৰু জলবায়ু পৰিৱৰ্তনৰ ওপৰত বিশেষভাৱে গুৰুত্ব আৰোপ কৰা হয়। তিনিদিনীয়া এই বৈঠকত জি-২০ দেশ আৰু আমন্ত্ৰিত দেশৰ প্ৰায় ৩০০গৰাকী প্ৰতিনিধিয়ে অংশগ্ৰহণ কৰে, এই বৈঠকখন আছিল এই কাৰ্যকৰী গোটৰ চতুৰ্থ বৈঠক।

এক ভিডিঅ’ বাৰ্তাৰ জৰিয়তে বৈঠকখন সম্বোধন কৰি প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে কয় যে, “২০৩০ চনৰ লক্ষ্যতকৈ ৯ বছৰ পূৰ্বেই অ-জীৱাশ্ম ইন্ধনৰ উৎসৰ পৰা স্থাপন কৰা বিদ্যুৎ ক্ষমতা অৰ্জন কৰিছে ভাৰতে। আমি আমাৰ উন্নীত লক্ষ্যৰ জৰিয়তে আৰু অধিক উচ্চতাৰে সীমা নিৰ্ধাৰণ কৰিছোঁ।” নিজৰ ভাষণত তেওঁ ‘ৰাষ্ট্ৰসংঘৰ জলবায়ু সন্মিলন’ আৰু ‘পেৰিছ চুক্তি’ৰ অধীনত প্ৰতিশ্ৰুতি সন্দৰ্ভত শীঘ্ৰে গুৰুত্বপূৰ্ণ পদক্ষেপ লোৱাৰ প্ৰয়োজনীয়তাৰ ওপৰতো গুৰুত্ব আৰোপ কৰে।

ভাৰতৰ সভাপতিত্বত বৈঠকত ভাগ লোৱা প্ৰতিনিধিসকলে চিনাক্ত কৰা তিনিটা বহল বিষয়ভিত্তিক ক্ষেত্ৰৰ ওপৰত আলোচনা কৰে: ভূমিৰ অৱক্ষয় বন্ধ কৰা, নীলা অৰ্থনীতিৰ প্ৰসাৰ আৰু সম্পদৰ দক্ষতা আৰু বৃত্তাকাৰ অৰ্থনীতি। এই বৈঠকৰ মূল লক্ষ্য আছিল মন্ত্ৰী পৰ্যায়ৰ বৈঠকৰ বিবৃতিৰ খচৰা চূড়ান্ত কৰা। কেন্দ্ৰীয় মন্ত্ৰী ভূপেন্দ্ৰ যাদৱে বিশ্বজুৰি সম্পদৰ দক্ষতা আৰু চক্ৰীয় অৰ্থনীতিৰ পদ্ধতিক প্ৰসাৰিত কৰাৰ লক্ষ্যৰে এক উদ্যোগ নেতৃত্বাধীন পদক্ষেপ ৰিচৰ্ছ এফিচিয়েঞ্চী এণ্ড চাৰ্কুলাৰ ইক’নমি ইণ্ডাষ্ট্ৰী ক’লিচন(আৰইচিইআইচি) আৰম্ভ কৰে। ভাৰতে জি-২০ সভাপতিত্বৰ বাহিৰতো কাম কৰি পৰিৱেশ বহনক্ষমতাৰ ওপৰত স্থায়ী প্ৰভাৱ পেলাব পৰা এক স্ব-নিৰ্ভৰশীল সত্তা হিচাপে এই মিত্ৰতাক কল্পনা কৰা হৈছে। উল্লেখ্য যে, অধিৱেশনৰ সময়ত বিদেশী অতিথিসকলে আঞ্চলিক খাদ্যৰ সোৱাদ লোৱাৰ লগতে তামিলনাডুৰ সাংস্কৃতিক আৰু ঐতিহাসিক গৰিমা আৰু মহাবলীপুৰম চহৰখন ভ্ৰমণ কৰিছিল।

By Business Bureau

Leave a Reply

Your email address will not be published. Required fields are marked *