চিকিৎসালয় আৰু শিক্ষানুষ্ঠানসমূহত ইউপিআই পেমেণ্টৰ সীমা ৫ লাখলৈ বৃদ্ধিৰ সিদ্ধান্ত ভাৰতীয় ৰিজাৰ্ভ বেংকৰ

ভাৰতীয় ৰিজাৰ্ভ বেংকে শুকুৰবাৰে এক গুৰুত্বপূৰ্ণ সিদ্ধান্তত গ্ৰহণ চিকিৎসালয় আৰু শিক্ষানুষ্ঠানসমূহৰ বাবে ইউপিআই পৰিশোধৰ সীমা পাঁচ লাখ টকালৈ বৃদ্ধি কৰা হৈছে।চিকিৎসালয় আৰু শিক্ষানুষ্ঠানসমূহৰ বাবে ইউপিআইৰ পৰিশোধৰ সীমা আগতে ১ লাখ টকা আছিল। আৰবিআই-য়ে পুনৰাবৃত্তি পৰিশোধৰ বাবে ইউ.পি.আই. ই-মেণ্ডেটৰ সীমা ১ লাখ টকালৈ বৃদ্ধি কৰিছে। ই-মেণ্ডেট ফ্ৰেমৱৰ্কৰ অধীনত, বৰ্তমান ১৫,০০০ টকাৰ অধিক পুনৰাবৃত্তি লেনদেন অডিটিফিকেচনৰ অতিৰিক্ত পৰ্যায়ৰ মাজেৰে যাব লাগিব।
ভাৰতীয় ৰিজাৰ্ভ বেংকৰ গভৰ্ণৰে কয়, “মিউচুৱেল ফাণ্ডচাবস্ক্ৰিপশ্বন, বীমা প্ৰিমিয়াম পৰিশোধ আৰু ক্ৰেডিট কাৰ্ড পৰিশোধৰ বাবে ই-মেণ্ডেটৰ সীমা এক লাখ টকালৈ বৃদ্ধি কৰা হৈছে।”

By editor

Leave a Reply

Your email address will not be published. Required fields are marked *