দীৰ্ঘদিন ধৰি পলাতক হৈ আছিল ড্ৰাগছ ব্যৱসায়ীজন। এক গোপন সূত্ৰৰ পম খেদি নিশা অভিযান চলাই ড্ৰাগছ ব্যৱসায়ী জনক আটক কৰে চাপৰ আৰক্ষীয়ে৷
আটকাধীন ড্ৰাগছ ব্যৱসায়ী জন চাপৰৰ ঘুনিমাৰীৰ চৰ্দাৰ ওৰফে খিৰদ আলী বুলি জানিব পৰা গৈছে৷
উল্লেখ্য যে কেইমাহ মান পূৰ্বে ড্ৰাগছ সম্বন্ধীয় গোচৰত চাপৰ আৰক্ষীয়ে দুজনক আটক কৰি জেল হাজতলৈ প্ৰেৰণ কৰিছিল।
কিন্তু চৰ্দাৰ নামৰ এই ড্ৰাগছ ব্যৱসায়ীজন ইমানদিনে আৰক্ষীৰ চকুত ধুলি দি পলাই ফুৰিছিল।
অনাগত দিনত এনে ধৰণৰ ড্ৰাগছ বিৰোধী অভিযান অব্যাহত থাকিব বুলি ভাৰপ্ৰাপ্ত বিষয়া ৰঞ্জিত কাকতীয়ে জানিব দিয়ে।
লগতে গোটেই চাপৰ অঞ্চল এক ড্ৰাগছ মুক্ত চাপৰ গঢ় দিয়াৰ পোন লোৱা বুলিও উল্লেখ কৰে ভাৰ প্ৰাপ্ত বিষয়া গৰাকী।
ভাৰপ্ৰাপ্ত বিষয়া গৰাকীৰ এনে আপোচবিহীন ড্ৰাগছ বিৰোধী অভিযানেই বহু খিনি সফল হোৱা বুলিও ৰাইজৰ মুখত শুনা যায়৷