ঘোচ লৈ গ্ৰেপ্তাৰ বিজেপি বিধায়কৰ পুত্ৰ, ১৪ দিনৰ ন্যায়িক জিম্মালৈ প্ৰেৰণ…

ঘোচ লৈ হাতে-লোটে গ্ৰেপ্তাৰ বিজেপি বিধায়কৰ পুত্ৰ।

৪০ লাখ টকাৰ উৎকোচ গ্ৰহণৰ সময়তে লোকায়ুক্তৰ দুৰ্নীতি নিবাৰক শাখাৰ হাতত গ্ৰেপ্তাৰ কৰ্ণাটকৰ বিজেপি বিধায়ক মাদাল বিৰুপাকক্ষাৰ পুত্ৰ প্ৰশান্ত মাদল।

ইয়াৰ পিছতে অভিযুক্ত প্ৰশান্তক ১৪ দিনৰ ন্যায়িক জিম্মালৈ প্ৰেৰণ লোকায়ুক্ত আদালতৰ।

৪০ লাখ টকাৰ উৎকোচ লোৱাৰ অভিযোগত বৃহস্পতিবাৰে প্ৰশান্তক গ্ৰেপ্তাৰ কৰে লোকায়ুক্তৰ বিষয়াসকলে।

উল্লেখযোগ্য যে বেংগালুৰুত তেওঁৰ বাসগৃহত অভিযান চলাই প্ৰায় ৬ কোটি টকা নগদ ধন উদ্ধাৰ হোৱাৰ অভিযোগ উত্থাপন হৈছে।

By editor

Leave a Reply

Your email address will not be published. Required fields are marked *