গড়ভঙা সংৰক্ষিত বনাঞ্চলৰ বেহাৰবাৰীত বন বিভাগৰ উচ্ছেদ অভিযান ; ১৪ টা গৃহ ধ্বংস

মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই  পাৰিপাৰ্শ্বিক ভাৰসাম্য ৰক্ষা আৰু জৈৱ বৈচিচিত্ৰ্য সংৰক্ষণ কৰাৰ বাবে ৰাজ্যৰ সংৰক্ষিত বনাঞ্চল সমূহ যিকোনো মূল্যৰ বিনিময়ত ৰক্ষা কৰিবলৈ বন বিভাগক কিছুদিন পূৰ্বে অনুষ্ঠিত এখন পৰ্যালোচনা বৈঠকত  নিৰ্দেশ দিছে ।  আনকি মুখ্যমন্ত্ৰীয়ে বনাঞ্চলত নতুনকৈ যাতে বেদখলৰ ঘটনা সংঘটিত নহয় তাৰ ওপৰতো চকু ৰাখিবলৈ বন বিভাগক নিৰ্দেশ দিছে ।   আনহাতে মুখ্যমন্ত্ৰীৰ নিৰ্দেশৰ পাছতেই ৰাজ্য চৰকাৰৰ বন বিভাগৰ প্ৰাদেশিক শাখাৰ আন কেবাটাও  সংমণ্ডলৰ দৰে পূব কামৰূপ বন সংমণ্ডলৰ  ডি এফ অ ৰোহিণী বল্লভ শইকীয়াই  খণ্ড বন বিষয়া সকলক  নিজ নিজ এলেকাত  নতুনকৈ  হোৱা বেদখল সমূহৰ বিৰুদ্ধে কঠোৰ ব্যৱস্থা গ্ৰহণ কৰিবলৈ নিৰ্দেশ জাৰি কৰিছে । ডি এফ অৰ নিৰ্দেশৰ পাছতেই গুৱাহাটীৰ  বশিষ্ঠ খণ্ড বন কাৰ্যালয়ে আজি গড়ভঙা  সংৰক্ষিত বনাঞ্চলৰ অন্তৰ্গত বেহাৰবাৰী ( সেউজ নগৰ ) অঞ্চলত এক বৃহৎ উচ্ছেদ অভিযান চলায় । বন বিভাগৰ সূত্ৰই সদৰি কৰা অনুসৰি বশিষ্ঠৰ খণ্ড বন বিষয়া পুলিন মহন্তৰ নেতৃত্বত খণ্ড বন কাৰ্যালয়ৰ এটা বনকর্মীৰ দলে দক্ষিণ গুৱাহাটী আঞ্চলিক বন বিষয়া কাৰ্যালয়ৰ বনকর্মীৰ সহযোগত চলোৱা অভিযানত নতুনকৈ নিৰ্মাণ কৰা ১৪ টা টিনৰ চালি ঘৰ উচ্ছেদ কৰা হয় । অৱশ্যে বন বিভাগৰ অভিযানকাৰী দলটো তাত উপস্থিত হোৱাৰ পাছতেই বেদখলকাৰী সকল কৌশলেৰে আঁতৰি যায় । ফলত এই সন্দৰ্ভত অভিযানকাৰী দলটোৱে কোনো বেদখলকাৰীক আটক কৰিব নোৱাৰিলে । আনহাতে অঞ্চলটোৰ সচেতন লোক আৰু প্ৰকৃতিপ্ৰেমী সকলে বন বিভাগৰ উচ্ছেদ কাৰ্যক আদৰণি জনাইছে আৰু উচ্ছেদ কৰা স্থানখিনী সংৰক্ষণ কৰি তাত ব্যাপক মাত্ৰাত গছপুলি ৰোপণ কৰিবলৈ বন বিভাগক আহ্বান জনাইছে ।

By editor

Leave a Reply

Your email address will not be published. Required fields are marked *