গোলাঘাট জিলাত শনিবাৰে আৰক্ষীয়ে চলোৱা ড্ৰাগছ বিৰোধী এক অভিযানত জব্দ কৰা হয় প্ৰায় ২ কোটি টকাৰ হেৰ’ইন।
এক গোপন সূত্ৰৰ ভিত্তিত চুঙাজানত এখন বাহনত তালাচী চলাই ১.১৬ কেজি হেৰ’ইন জব্দ কৰে।
আৰক্ষীয়ে জানিবলৈ দিয়া মতে, ৯০টা চাবোনৰ বাকচত ভৰাই সৰবৰাহ কৰা হৈছিল এই নিষিদ্ধ ড্ৰাগছখিনি।
ইফালে এই ঘটনা সন্দৰ্ভত এজন লোককো আটক কৰিবলৈ সক্ষম হৈছে আৰক্ষীয়ে।
ধৃত সৰবৰাহকাৰীজনৰ নাম মঃ আমিন আলী বুলি জানিব পৰা গৈছে।
অধিক তথ্যৰ বাবে অভিযু্ক্তক জেৰা অব্যাহত ৰখা হৈছে।