গোলাঘাটত বাছ আৰু ট্ৰাকৰ সংঘৰ্ষত কমেও ১৫ জন যাত্ৰী আহত

গোলাঘাট জিলাৰ নামবৰত বুধবাৰে যাত্ৰীবাহী বাছ আৰু এখন ট্ৰাকৰ মুখামুখি সংঘৰ্ষত কমেও ১৫ জন লোক গুৰুতৰভাৱে আহত হয়।

আজি বিয়লি দ্ৰুতবেগী ট্ৰাকখনে যাত্ৰীবাহী বাছখনৰ সৈতে মুখামুখি সংঘৰ্ষত সংঘটিত হয় এই দুৰ্ঘটনা। ১৫ জন যাত্ৰী আহত হোৱা বুলি সূত্ৰই প্ৰকাশ কৰিছে।

ঘটনাৰ পিছতে আটাইকেইজন আহতক চিকিৎসাৰ বাবে ওচৰৰ চিকিৎসালয়ত ভৰ্তি কৰোৱা হয়।

ইয়াৰ পূৰ্বে কালি শোণিতপুৰ জিলাৰ অন্তৰ্গত বালিপাৰা তহচিলত সংঘটিত পথ দুৰ্ঘটনাত মাজুলীৰ বিধায়ক ভুবন গাম সামান্য আহত হয়।

By editor

Leave a Reply

Your email address will not be published. Required fields are marked *