দেওবাৰে গোগামুখত অবৈধ অস্ত্ৰ-শস্ত্ৰসহ এজন লোকক আটক কৰা হৈছে। স্থানীয় লোকৰ সহযোগত আৰক্ষীয়ে ব্যক্তিজনক আটক কৰিবলৈ সক্ষম হয়। ধৃত ব্যক্তিজনৰ নাম আমিনুল ইছলাম।
সূত্ৰ অনুসৰি আমিনুলক অৰুণাচল প্ৰদেশৰ পৰা চিলাপথাৰলৈ গৈ থকা অৱস্থাত আটক কৰা হয়। বাছৰ পৰা নামি আন এখন বাছত উঠি চিলাপথাৰ অভিমুখে যাওঁতে তেওঁক আটক কৰা বুলি জানিব পৰা গৈছে।
ধৃত ব্যক্তিজনৰ হাতত এটা এছ বি বি এল ৰাইফল উদ্ধাৰ কৰা হৈছে। লখিমপুৰৰ নাওবৈচাৰ পৰা ৰাইফলটো স্থানান্তৰ কৰাৰ কথা আছিল।