গেৰেজত হঠাৎ বিধ্বংসী অগ্নিকাণ্ড, ১০ খন বাছ জ্বলি ভষ্মীভূত

বাংগালুৰুৰ বীৰভদ্ৰ নগৰত অৱস্থিত বাছ ষ্টেণ্ডৰ ওচৰৰ এটা গেৰেজত হঠাতে সংঘটিত অগ্নিকাণ্ডই সমগ্ৰ অঞ্চলটোত সৃষ্টি কৰে তীব্ৰ আতংকৰ।

বাতৰি অনুসৰি এই অগ্নিকাণ্ডত গেৰেজটোত সেই সময়ত ৰখাই থোৱা ১০ খন বাছ জ্বলি সম্পূৰ্ণৰূপে ছাই হৈ পৰে।

অৱশ্যে এই অগ্নিকাণ্ডত কোনো লোক হতাহত হোৱা নাই বুলি জানিব পৰা গৈছে।

অগ্নিকাণ্ড সংঘটিত হোৱাৰ পিছতে ঘটনাস্থলীত কেইবাখনো অগ্নিনিৰ্বাপক বাহিনীৰ গাড়ী উপস্থিত হৈ জুই নিৰ্বাপণ কৰিবলৈ সক্ষম হয়।

অগ্নিকাণ্ডৰ কাৰণ এতিয়াও জানিব পৰা হোৱা নাই যদিও প্ৰাথমিক তদন্তত আৰক্ষীয়ে চৰ্ট চাৰ্কিটৰ ফলতে এই ঘটনা সংঘটিত হোৱাৰ সন্দেহ কৰিছে।

By editor

Leave a Reply

Your email address will not be published. Required fields are marked *