গুৱাহাটীৰ যুদ্ধ স্মাৰকত দেশৰ হকে প্ৰাণ আহুতি দিয়া বীৰ সৈনিকক সোঁৱৰণ এন চি চি ইউনিট কেডেটৰ

ৰাষ্ট্ৰীয় শিক্ষাৰ্থী বাহিনী চমুকৈ এন চি চি দিৱসৰ লগত সংগতি ৰাখি এন চি চিৰ বায়ু শাখাৰ গুৱাহাটীস্থিত ৫০ আসাম এয়াৰ স্কোৱাদ্রণ এন চি চি ইউনিটৰ কেডেট সকলে ২৭ নৱেম্বৰত গুৱাহাটীৰ দীঘলীপুখুৰীৰ পাৰত থকা যুদ্ধ স্মাৰকত দেশৰ হকে প্ৰাণ আহুতি দিয়া বীৰ সৈনিক সকলক সোঁৱৰণ কৰে। এই উপলক্ষে ৫০ আসাম এয়াৰ স্কোৱাদ্রণ এন চি চি ইউনিটৰ কমাণ্ডিং অফিচাৰ উয়ং কমাণ্ডাৰ হুভে উপাধ্যায়ৰ নেতৃত্বত প্ৰায় ৫০ জন কেডেটে যুদ্ধ স্মাৰক ক্ষেত্ৰ পৰিদৰ্শন কৰে । যি স্মাৰক ক্ষেত্ৰ যুদ্ধৰ সময়ত দেশৰ বাবে প্ৰাণ উৎসৰ্গা কৰা সেই মহান সৈনিকসকলৰ স্মৃতিত নিৰ্মাণ কৰা হৈছিল । সৈনিক সকলৰ সেই মহান বলিদানক সন্মান জনোৱাৰ বাবে কেডেট সকলে অমৰ জোৱান জ্যোতিত শ্ৰদ্ধা নিবেদন কৰে। ইয়াৰ উপৰিও মহান সৈনিক সকলক সোঁৱৰণ কৰাৰ বাবে এক বিশেষ অনুষ্ঠানৰো আয়োজন কৰা হয়।

By editor

Leave a Reply

Your email address will not be published. Required fields are marked *