সোমবাৰৰ পৰা গুৱাহাটীৰে পৰা যাত্ৰা আৰম্ভ ঘটিল উত্তৰ পূবৰ প্ৰথমখন বন্দে ভাৰত এক্সপ্ৰেছৰ।
অসমৰ লগতে ভাৰতৰ উত্তৰ-পূব অংশতো এইখনেই হ’ব প্ৰথমখন বন্দে ভাৰত এক্সপ্ৰেছ।
গুৱাহাটীৰ পৰা পশ্চিম বংগৰ নিউ জলপাইগুৰি(এনজেপি)লৈ এই ৰে’লখন চলিব।
হাওৰা-এনজেপি বন্দে ভাৰত এক্সপ্ৰেছ আৰু হাওৰা-পুৰী বন্দে ভাৰত এক্সপ্ৰেছৰ পিছতে এয়া হ’ব পশ্চিম বংগৰ তৃতীয়টো বন্দে ভাৰত।
মঙলবাৰৰ বাহিৰে সপ্তাহত ছয় দিন চলিব এই ৰে’লখন।
গুৱাহাটী-নতুন জলপাইগুৰি বন্দে ভাৰত এক্সপ্ৰেছ গুৱাহাটীৰ পৰা নতুন জলপাইগুৰিলৈ ৫ ঘণ্টা ৩০ মিনিটত যাত্ৰা কৰিব, আনহাতে বৰ্তমানৰ দ্ৰুততম ৰেল (ডিব্ৰুগড়-নতুন দিল্লী ৰাজধানী এক্সপ্ৰেছ) ৬ ঘণ্টা ৩০ মিনিটত যাত্ৰা কৰিব।