গুৱাহাটীৰ খাৰঘুলিত কালি সংঘটিত দুৰ্ভাগ্যজনক ঘটনাৰ উচ্চ পৰ্যায়ৰ তদন্ত ঘোষণা কৰিছে ৰাজ্য চৰকাৰে৷
উল্লেখ্য যে গৃহ নিৰ্মাণ আৰু নগৰ পৰিক্ৰমা বিভাগৰ মন্ত্ৰী অশোক সিংঘালে কালি সন্ধিয়া খাৰঘুলিৰ দুৰ্ঘটনাস্থলী পৰিদৰ্শন কৰি দুৰ্গতসকলক সাক্ষাৎ কৰাৰ সময়ত ঘটনাৰ উপযুক্ত তদন্তৰ ব্যৱস্থা কৰা হ’ব বুলি অৱগত কৰিছিল৷ সেই অনুসৰি জাইকা সাহায্যপ্ৰাপ্ত গুৱাহাটী পানীযোগান প্ৰকল্পৰ খাৰঘুলিস্থিত পানী পৰিশোধন প্ৰকল্পৰ পৰা ৰামচা হিল মূল জলাধাৰলৈ পানী কঢ়িয়াই নিয়া মূল পাইপলাইন ফাটি হোৱা জল বিস্ফোৰণৰ এই ঘটনাৰ অনুসন্ধানৰ বাবে ৰাজ্য চৰকাৰৰ গৃহ আৰু নগৰ পৰিক্ৰমা বিভাগে আজি বিভাগৰ সচিব পৱিত্ৰ ৰাম খাউণ্ডৰ নেতৃত্বত এখন তিনিজনীয়া তদন্ত সমিতি গঠন কৰি দিছে৷
সমিতিৰ আন সদস্য দুগৰাকী হৈছে জনস্বাস্থ্য কাৰিকৰী বিভাগৰ অৱসৰপ্ৰাপ্ত সচিব তথা ‘অম্ৰুট’ৰ অতিৰিক্ত প্ৰকল্প সঞ্চালক ৰমেন সুন্দৰ চৌধুৰী আৰু জলসিঞ্চন বিভাগৰ অৱসৰপ্ৰাপ্ত মুখ্য অভিযন্তা তথা ‘অম্ৰুট’ৰ অতিৰিক্ত প্ৰকল্প সঞ্চালক সঞ্জয় মহন্ত৷
ঘটনাৰ বিস্তৃত অনুসন্ধানৰ অন্তত অহা তিনিদিনৰ ভিতৰত ইয়াৰ প্ৰতিবেদন দাখিল কৰিবলৈ সমিতিক নিৰ্দেশ দিয়া হৈছে৷
আনহাতে, কামৰূপ মহানগৰ জিলা দুৰ্যোগ ব্যৱস্থাপনা কতৃৰ্পক্ষইও খাৰঘুলিৰ ঘটনাৰ নিজাববীয়া তদন্তৰ ব্যৱস্থা কৰিছে৷ এই উদ্দেশ্যে উপায়ুক্ত পল্লৱ গোপাল ঝাই জিলা দুৰ্যোগ ব্যৱস্থাপনা কতৃৰ্পক্ষৰ মুখ্য কাৰ্যবাহী সদস্য অজিত কুমাৰ শৰ্মাক ঘটনাৰ যথোপযুক্ত তদন্ত কৰি পৰৱৰ্তী ১৫ দিনৰ ভিতৰত প্ৰতিবেদন দাখিল কৰিবলৈ নিৰ্দেশ দিছে৷
উল্লেখযোগ্য যে জিলা দুৰ্যোগ ব্যৱস্থাপনা কতৃৰ্পক্ষৰ তৰফৰ পৰা ইতিমধ্যেই এই দুৰ্ঘটনাত প্ৰাণ হেৰুওৱা মহিলাগৰাকীৰ নিকটাত্মীয়ক ২ লাখ টকাৰ এককালীন ক্ষতিপূৰণ প্ৰদানৰ কথা ঘোষণা কৰাৰ লগতে ঘটনাৰ অন্যান্য ভুক্তভোগীসকলৰো ক্ষয়-ক্ষতিৰ বুজ লৈ যাৱতীয় সাহায্য প্ৰদানৰ ব্যৱস্থা কৰা হ’ব বুলি জানিবলৈ দিয়া হৈছে৷