গুৱাহাটীত যোগ মহোৎসৱ

বিশ্ব যোগ দিৱসলৈ ৫০ দিন থকা অৱস্থাত ইয়াৰ প্ৰস্তুতিৰ অংশ হিচাপে ৰাধাগোবিন্দ বৰুৱা ক্ৰীড়া প্ৰকল্পৰ তৰুণৰাম ফুকন ইনডৰ ষ্টেডিয়ামত যোগ মহোৎসৱৰ আয়োজন কৰা হয়। অসম চৰকাৰৰ ক্ৰীড়া আৰু যুৱকল্যাণ সঞ্চালকালয় আৰু বেচৰকাৰী অনুষ্ঠান কিউৰেনচিয়াৰ উদ্যোগত অনুষ্ঠিত এই অনুষ্ঠানত তিনি শতাধিক যোগ শিক্ষাৰ্থীয়ে অংশগ্ৰহণ কৰে। স্বাস্থ্য বিভাগৰ প্ৰধান সচিব অবিনাশ যোশীয়ে বন্তি প্ৰজ্বলনেৰে অনুষ্ঠান উদ্বোধন কৰি যোগৰ মহত্ব ব্যাখ্যা কৰে। তেওঁ কয়- বিশ্ব যোগ দিৱসৰ প্ৰাককমুহুৰ্ত্বত আয়োজিত আজিৰ অনুষ্ঠানটোৱে বিশেষ গুৰুত্ব বহন কৰিছে। ইয়াৰ দ্বাৰা আমি আগন্তুক দিনবোৰ সুস্বাস্থ্যবান আৰু নিৰোগী হৈ থকাৰ ক্ষেত্ৰত বহুদূৰ আগবাঢ়ি যাব পাৰিম। কেয়াৰ লুইতৰ অধ্যক্ষ কিশোৰ জয়ন্ত মাধৱ, এপলো হাস্পাতলৰ চিকিৎসক ডা০ মুকেশ আগৰৱালা, এমট্ৰনৰ উপাধ্যক্ষ ৰিতুবৰণ শৰ্মা, কিউৰেনচিয়াৰ সম্পাদক ডা০ কবিতা মজুমদাৰ, বিজেপিৰ কৰ্মকৰ্তা সমৰ ডেকা, মুস্তাকুদ্দিন আহমেদ আদিয়ে অংশগ্ৰহণ কৰা এঘন্টীয়া অনুষ্ঠানটোত ক্ৰীড়া সঞ্চালক নিবেদন দাস পাটোৱাৰীয়েও বক্তৃতা প্ৰদান কৰে। অনুষ্ঠানটো পৰিচালনা কৰে পদ্মৰাগ গোস্বামীয়ে। উল্লেখ্য, অনুষ্ঠানটোত ডা০ কবিতা মজুমদাৰক সম্বৰ্ধনা জনোৱা হয়। অনুষ্ঠানত অসম অলিম্পিক সন্থাৰ বিষয়ববীয়া অনুপ চৌধুৰী, বিষ্ণুৰাম নুনিছা, হীৰেন গগৈ, প্ৰাক্তন আন্তঃৰাষ্ট্ৰীয় সাতোঁৰবিদ এলভিছ আলী হাজৰিকা আদিয়ে অংশগ্ৰহণ কৰে। আনহাতে, যোগ মহোৎসৱত পতঞ্জলি যোগ সমিতি অসম, ইণ্ডিয়ান যোগ কালচাৰ এণ্ড যোগ থেৰাপী চেন্টাৰ, ক্ৰীড়া ভাৰতী, কেয়াৰ লুইত আদিৰ শিক্ষাৰ্থীয়ে ভাগ লয়।

By editor

Leave a Reply

Your email address will not be published. Required fields are marked *