গুৱাহাটীত  পোহনীয়া জীৱ-জন্তুৰ হেলথ কেয়াৰ আৰু ডায়গনষ্টিক চেণ্টাৰ মুকলি

গুৱাহাটীৰ ভেটাপাৰা চাৰিআলিত আজি কেইবজনো বিশিষ্ট চিকিৎসকৰ উপস্থিতত  পোহনীয়া জীৱ জন্তুৰ বিভিন্ন  চিকিৎসাৰ বাবে  ‘ ভেট গেলেক্সি’ নামেৰে এটি হেলথ কেয়াৰ আৰু ডায়গনেষ্টিক কেন্দ্ৰ মুকলি কৰা হয় । ভেট গেলেক্সি কেন্দ্ৰটো  মুকলি কৰে পশু চিকিৎসালয়ৰ  জ্যেষ্ঠ চিকিৎসক ডাঃ ভবেন বৈশ্যই আৰু বিশিষ্ট অতিথি হিচাপে উপস্থিত থাকে চিকিৎসক ডাঃ নৱকুমাৰ শৰ্মা,ডাঃ কবিতা শৰ্মা, ডাঃ চন্দন সিং, ডাঃ ছৈয়দ আৰিফ, ডাঃ ছাবিনা য়াচমিন, ডাঃ চয়ানিকা দাস, ডাঃ প্ৰিয়া মুক্তান, ডাঃ লুকু বুঢ়াগোহাঁই, ডাঃ স্নেহাংশু সিনহা আৰু অলি ডেকা সিনহা । এই ভেট  গেলেক্সী চেণ্টাৰটোত পোহনীয়া কুকুৰ, মেকুৰীকে ধৰি বিভিন্ন জন্তুৰ  উন্নত চিকিৎসা, জীৱ- জন্তুৰ তেজৰ নমুনা পৰীক্ষাৰ লগতে  অস্ত্ৰোপচাৰো  ব্যৱস্থা আছে। তদুপৰি এই চেণ্টাৰটোত সকলো বিভাগৰে বিশেষজ্ঞ চিকিৎসক থাকিব।  উল্লেখযোগ্য যে বৰ্তমান  পোহনীয়া জন্তুৰ পালন কৰা লোকক সকলে জীৱ জন্তুৰ চিকিৎসাৰ আৰু অস্ত্ৰোপচাৰ বাবে নানা অসুবিধা সন্মুখীন হৈ আহিছে  কিন্তু  এই চিকিৎসায়লখন পৰা  এতিয়াৰে পৰা ৰাইজৰ যথেষ্ট উপকৃত হ’ব বুলি জানিবলৈ দিয়া ভেট গেলেক্সি হেলথ কেয়াৰ আৰু ডায়গনষ্টিক চেণ্টাৰৰ সঞ্চালক ডাঃ বৰিষ্ঠা বৰা সিনহাই ।

By editor

Leave a Reply

Your email address will not be published. Required fields are marked *