গুৱাহাটী বিশ্ববিদ্যালয়ৰ এম্প’লয়িজ এছোচিয়েছনৰ ( জি ইউ ই এ ) ২০২২ – বৰ্ষৰ বিষয়ববীয়াৰ বাছনি ( চি – গ্ৰেড ) সন্দৰ্ভত কালি ষ্টুডেন্টছ ডে হোমত নিৰ্বাচন অনুষ্ঠিত হয় । পুৱা ১০.৩০ বজাৰ পৰা বিয়লি ২ বজালৈ তিনিটা বিষয়ববীয়া আৰু সাতোটা সদস্যৰ বাছনিৰ বাবে অনুষ্ঠিত নিৰ্বাচনত ২১৫ টা ভোটাৰ কৰ্মচাৰীৰ ভিতৰত ১৯৬ জনে ভোটদান কৰে । ভোটদানৰ হাৰ আছিল ৯১ শতাংশ । আনহাতে নিৰ্বাচনৰ ৰিটাৰ্ণিং বিষয়াৰ দায়িত্বত আছিল বিশ্ববিদ্যালয়ৰ ছাত্ৰ কল্যাণ সঞ্চালক ডঃ ৰঞ্জন কুমাৰ কাকতি । ইফালে বিয়লি প্ৰায় ৩ বজাৰ পৰা অনুষ্ঠিত ভোটগণনাৰ অন্তত সন্ধিয়া ফলাফল সমূহ ঘোষণা কৰা হয় । সেই অনুসৰি সাধাৰণ সম্পাদক পদত অঞ্জনজ্যোতি পাটোৱাৰী , সহকাৰী সাধাৰণ সম্পাদকৰ দুটা পদত ধনজিৎ তালুকদাৰ আৰু কিৰণ শইকীয়া , সাহিত্য আৰু প্ৰচাৰ সম্পাদক পদত মনোৰঞ্জন কলিতা বিজয়ী হয় । তেনেদৰে সাতোটা সদস্য পদত ক্ৰমে উৎপল কুমাৰ দাস , ৰীণা দাস , প্ৰমোদ ৰাজবংশী , জগদীশ শৰ্মা , হেমন্ত কলিতা , বিদ্যুৎ দত্ত আৰু বিবেক চন্দ্ৰ বৰুৱা বিজয়ী হয় । উল্লেখযোগ্য যে ইয়াৰ পূৰ্বে সভাপতি পদত হৰিহৰ বৰ্মন , উপ সভাপতি পদত পীযাৰ হুছেইন , ক্ৰীড়া আৰু সাংস্কৃতিক সম্পাদক পদত ৰঞ্জনজ্যোতি দাস আৰু কোষাধ্যক্ষ পদত মুকুল কুমাৰ শৰ্মা বিনা প্ৰতিদ্বন্দ্বিতাৰে নিৰ্বাচিত হৈছিল ।
গুৱাহাটী বিশ্ববিদ্যালয়ৰ এম্প’লয়িজ এছোচিয়েছনৰ নিৰ্বাচন সম্পন্ন ; ফলাফল ঘোঘণা
