গুৱাহাটী বিশ্ববিদ্যালয়ৰ উদ্ভিদ বিজ্ঞান বিভাগৰ মহাৰজত জয়ন্তীৰ আয়োজন

উত্তৰ-পূৰ্বাঞ্চলৰ ঐতিহ্যমণ্ডিত উচ্চ শিক্ষাৰ প্ৰতিষ্ঠান গুৱাহাটী বিশ্ববিদ্যালয়ৰ উদ্ভিদ বিজ্ঞান বিভাগে সুদীৰ্ঘ সময় জ্ঞানৰ পোহৰেৰে লুইতৰ পাৰ আলোকিত কৰি চলিত বৰ্ষত ৭৫ বছৰত ভৰি দিছে । উদ্ভিদ বিজ্ঞান বিষয়টোৰ প্ৰসাৰ আৰু প্ৰচাৰৰ মাধ্যমেৰে স্বদেশ আৰু স্বজাতিৰ উন্নয়নৰ হকে নিৰবিচ্ছিন্ন প্ৰয়াস কৰি আগুৱাই যোৱা বিভাগটোৱে বছৰজোৰা কাৰ্যসূচীৰে মহাৰজত জয়ন্তী উদযাপনৰ আয়োজন কৰিছে। এই বিশেষ উদ্দেশ্য আগত ৰাখি মহাৰজত জয়ন্তী উদযাপনৰ বিভিন্ন দিশ আলোচনা কৰাৰ বাবে অহা ২৭ আগষ্ট, শনিবাৰে দিনৰ ২ বজাত বিভাগৰ সভাকক্ষত এখন সভা আয়োজন কৰা হৈছে । মাত্ৰ ৫ গৰাকী ছাত্র-ছাত্ৰী আৰু ৩জন অধ্যাপকেৰে গুৱাহাটী বিশ্ববিদ্যালয়ৰ আটাইতকৈ পুৰনি বিজ্ঞান বিভাগ হিচাপে ১৯৪৮ চনতে প্ৰতিষ্ঠা লাভ কৰা উদ্ভিদ বিজ্ঞান বিভাগটোৱে বৰ্তমান দুটা স্নাতকোত্তৰ শাখা- উদ্ভিদ বিজ্ঞান আৰু অনুজীৱবিদ্যা ক্ৰমে ৪০ জন আৰু ১০ জন ছাত্ৰ-ছাত্ৰীৰে নিয়াৰিকৈ চলাই আছে । বৰ্তমানলৈকে প্ৰায় ৫০০ জন গৱেষকক ডক্টৰেট ডিগ্ৰী আৰু ২৭৮ জন গৱেষকক এম.ফিল ডিগ্ৰী প্ৰদান কৰি বিভাগটোৱে ইতিমধ্যে অসমৰ শৈক্ষিক আৰু গৱেষণাৰ ক্ষেত্ৰখনলৈ অভূতপূৰ্ব বৰঙণি আগবঢ়াইছে। অত্যাধুনিক বিজ্ঞানাগাৰ, এটি সংগ্ৰাহলয়, নিউৱৰ্ক বটানিকেল গাৰ্ডেনৰ দ্বাৰা স্বীকৃতিপ্ৰাপ্ত এটি হাৰ্বেৰিয়াম, এটি চেমিনাৰ হল আৰু এটি বিভাগীয় পুথিভঁৰাল সম্বলিত বিভাগটোৰ আছে নিজা এখন আপুৰুগীয়া উদ্ভিদ উদ্যান । প্ৰায় ৬২ একৰ মাটিকালি আগুৰি থকা এই উদ্যানখনত ৫০০ ৰো অধিক অতি দুৰ্লভ, স্হানিক, বিপদাপন্ন আৰু ঔষধী গুনাগুণযুক্ত উদ্ভিদ প্ৰজাতি সুন্দৰভাৱে সংৰক্ষিত কৰি ৰখা হৈছে । ভাৰত চৰকাৰৰ বিজ্ঞান আৰু প্ৰযুক্তিবিদ্যা মন্ত্ৰনালয়ে আন্তঃগাঁথনিৰ উন্নয়নৰ বাবে DST-FIST Level-I যোজনাৰ দ্বাৰা আগবঢ়োৱা আৰ্থিক বৰঙণি দুবাৰকৈ (২০০৭-২০১২ আৰু ২০১৯-২০২৪) লাভ কৰিবলৈ সক্ষম হোৱা উদ্ভিদ বিজ্ঞান বিভাগটো বিশ্ববিদ্যালয় অনুদান আয়োগ (UGC) ৰ বিশেষ অনুদান আচঁনি (SAP) ৰ জৰিয়তে অসমৰ দুৰ্লভ, আপুৰুগীয়া,  বিপদাপন্ন উদ্ভিদ প্ৰজাতি আৰু আনুসংগিক অণুজীৱসমূহৰ সংৰক্ষণ বিষয়ক গৱেষণাৰ বাবেওঁ বিশেষভাগে নিয়োজিত হৈ আছে । এই সকলো দিশ সৰোগত কৰি আয়োজন কৰা বিশেষ সভাখনত বিভাগৰ গৱেষক, প্ৰাক্তন শিক্ষাৰ্থী তথা বিভাগটোৰ লগত পৰোক্ষ বা প্ৰত্যক্ষভাৱে জড়িত সংশ্লিষ্ট প্ৰতিজন সদস্যকে উপস্থিত থাকিবলৈ উদযাপন সমিতিৰ হৈ বিভাগীয় মুৰব্বী অধ্যাপক ড° ভৱেন তাঁতীয়ে সাদৰেৰে অনুৰোধ জনাইছে ।

By editor

Leave a Reply

Your email address will not be published. Required fields are marked *