গুৱাহাটী প্ৰেছ ক্লাৱত প্ৰাক্তন আৰক্ষী বিষয়া ফটিক দত্ত  গোস্বামীৰ দুখন গ্ৰন্থ উন্মোচন

 অসম আৰক্ষীৰ  প্ৰাক্তন অতিৰিক্ত সঞ্চালক প্ৰধান , বিশিষ্ট লেখক, সমাজ কর্মী  ফটিক দত্ত গোস্বামীৰ  দুখন গ্ৰন্থ ক্ৰমে ” সমাজ সুৰক্ষাত আৰক্ষীৰ ভূমিকা”  ( অসমীয়া ) আৰু “ANALYTICAL CONDUCT OF POLICE”  ( ইংৰাজী ) আজি গুৱাহাটী প্ৰেছ ক্লাৱত উন্মোচন কৰা হয় । গ্ৰন্থ দুখন  দুখন উন্মোচন কৰে অসম সাহিত্য সভাৰ প্ৰাক্তন সভাপতি তথা দৈনিক অগ্রদূত বাতৰি কাকতৰ মুখ্য সম্পাদক  কনকসেন ডেকাই ।  এই উপলক্ষে স্পেইনি বৰ্মনে আঁত ধৰা গাম্ভীৰ্য্যপূৰ্ণ অনুষ্ঠানটোত কনকসেন ডেকাই ভাষণ প্ৰসংগত লেখক ফটিক দত্ত  গোস্বামীৰ সাহিত্য প্ৰতিভাৰ আলোকপাত কৰি তেওঁ সামাজিক ক্ষেত্ৰখনৰ উন্নয়নৰ হকে লিখি থকা বিষয়টোৰ শলাগ লয় । অনুষ্ঠানত লেখক ফটিক দত্ত গোস্বামীয়ে গ্ৰন্থ দুখনৰ ৰচনাৰ পটভূমিৰ ওপৰত চমুকৈ আলোকপাত কৰি পাঠক সমাজে দুয়োখন গ্ৰন্থক আদৰি লব বুলি আশা প্ৰকাশ কৰে । অনুষ্ঠানত  প্ৰাক্তন ৰাষ্ট্ৰদূত  বিনন্দ কুমাৰ গগৈ, অসম চৰকাৰৰ বুৰঞ্জী আৰু পুৰাতত্ত্ব বিভাগৰ সঞ্চালক  ড০ অনিতা চৌধুৰী,  ৰাম কুমাৰ বৰুৱা, মুকুট শৰ্মা, সত্যধৰ মটক, ঘনশ্যাম শ‍ইকীয়া, প্রকাশক ড০ লোহিত ৰোহিত, সমাজ কর্মী ড০ মৃদুল বর্মনকে ধৰি কেবাজনো  বৰেণ্য ব্যক্তি , লেখকৰ সহধৰ্মিণী কুণকুন গোস্বামী , কনিষ্ঠ ভাতৃ নাৰায়ণ দত্ত গোস্বামীকে ধৰি পৰিয়ালৰ কেবাজনো সদস্য উপস্থিত থাকে ।

By editor

Leave a Reply

Your email address will not be published. Required fields are marked *