গুৱাহাটী প্ৰেছ ক্লাৱত ড°জ্যোৎস্না টকবিপিৰ উপন্যাস “মিৰ সোণমিলি” উন্মোচন

দেশ‌ সেৱাৰ উন্নত সেৱা হৈছে সাহিত্য সৃষ্টি। এই মন্তব্য আগবঢ়ায় বিশিষ্ট চিকিৎসক তথা হাস্যৰসিক সাহিত্যক ডা‍ঃ অঞ্জনজ্যোতি চৌধুৰীয়ে। উল্লেখযোগ্য যে আজি গুৱাহাটী প্ৰেছ ক্লাৱত ভাষা প্ৰকাশনৰ উদ্যোগত আয়োজিত এক গ্ৰন্থ উন্মোচনী সভাত বি বৰুৱা মহাবিদ্যালয়ৰ অধ্যাপিকা ড°জ্যোৎস্না টকবিপিৰ প্ৰথমখন উপন্যাস “মিৰ সোণমিলি”আনুষ্ঠানিকভাৱে উন্মোচন কৰি ডঃ চৌধুৰীয়ে এইমন্তব্য আগবঢ়ায়। ইপিনে লেখিকাৰ মনৰ ভাৱ ব্যক্ত কৰি ড° টকবিপিয়ে কয় যে প্ৰথিতযশা উপন্যাসিক অনুৰাধা শৰ্মা পূজাৰী, ৰীতা চৌধুৰী উপন্যাস পঢ়ি উপন্যাসৰ প্ৰেমত পৰা লেখিকাৰ উপন্যাসৰ পটভূমি কাৰ্বি আংলং জিলাৰ এখন ভিতৰুৱা গাঁও কঠালগুৰি আৰু কাৰ্বি জনগোষ্ঠীৰ জীৱনগাঠা। বি বৰুৱা মহাবিদ্যালয়ৰ জ্যেষ্ঠ অধ্যাপিকা ইন্দুপ্ৰভা দেৱীৰ সভাপতিত্বত অনুষ্ঠিত গাভীৰ্যপূৰ্ণ গ্ৰন্থ উন্মোচনী সভাত আমন্ত্ৰিত অতিথি হিচাপে উপস্থিত থাকে জনপ্ৰিয় আলোচনী “স্বৰ্ণলিপি”ৰ সম্পাদক হৃদয়ানন্দ গগৈ,বি বৰুৱা মহাবিদ্যালয়ৰ উপাধ্যক্ষ সুমন্ত বৰঠাকুৰৰ লগতে কে আৰ পি ছোৱালী মহাবিদ্যালয়ৰ অধ্যাপিকা চন্দ্ৰমা গোস্বামী। সভাত ভাষা প্ৰকাশনৰ স্বতাধিকাৰ সমসাময়িক লেখক মুকুট শৰ্মাই কয় সাহিত্যই মানুহৰ চেতনাৰ দুৱাৰ মুকলি কৰে। আমাৰ সমাজত এতিয়াও এনে কিছু ব্যক্তি আছে যিয়ে স্বকীয় সাংস্কৃতিক পৰিক্ৰমাৰ ওপৰিও বৃহৎৰ অসমীয়া ভাষা সাহিত্যৰ হকে কাম কৰি আহিছে। ভাষণ প্ৰসংগত শৰ্মাই কয় যে ৰঙমিলীৰ হাঁহিৰ স্ৰষ্টা স্বনামধন্য সাহিত্যিক ৰংবং তেৰাঙৰ দৰে সাহিত্যৰ পদাংক অনুসৰণ কৰি কাৰ্বি পাহাৰৰ জীৱন গাঠাক পটভূমি হিচাপে লৈ বৃহৎৰ অসমীয়া সমাজ জীৱনক উপন্যাসৰ মাজেৰে প্ৰতিফলিত কৰাৰ ড°জ্যোৎস্না টকবিপিৰ এই প্ৰচেষ্টা সচাকৈয়ে আদৰণীয়। আনহাতে নাতিদীৰ্ঘ ভাষণত বিশিষ্ট অতিথি হৃদয়ানন্দ গগৈয়ে উপন্যাস সম্পৰ্কে এক মনোজ্ঞ আলোচনা আগবঢ়াই। ভাষণ প্ৰসংগত গগৈয়ে অসমীয়া সাহিত্যত পঢ়োৱৈ সংখ্যা লক্ষ্যনীয় ভাৱে হ্ৰাস পোৱাৰ সময়তো এচাম নতুন লেখক লেখিকাই এনেদৰে সাহিত্য সৃষ্টিৰ প্ৰতি আগবাঢ়ি অহা কাৰ্য নি:সন্দেহে জাতিটোৰ বাবে শুভ লক্ষণ বুলি উল্লেখ কৰে।বি বৰুৱা মহাবিদ্যালয়ৰ ছাত্ৰী ছান্দিনী বৰাৰ ভজনেৰে আৰম্ভ হোৱা সভাখন আতধৰে অধ্যাপিকা ড°উৎপলা দাসে। অসম প্ৰশাসনিক মহাবিদ্যালয়ৰ যুটীয়া সঞ্চালক ধৃতিমান দাসৰ শলাগৰ শৰাইৰে সমাপ্ত হোৱা সভাখনত গীত পৰিৱেশন কৰি সকলোকে মোহিত কৰে লেখিকাৰ কনমানি কন্যা ৰাজনন্দিনীয়ে

By editor

Leave a Reply

Your email address will not be published. Required fields are marked *