গুৱাহাটী চিকিৎসা মহাবিদ্যালয় হাস্পতালত মৃত্যু জ্ঞানপীঠ বঁটা বিজয়ী নীলমণি ফুকনৰ

অসমীয়া সাহিত্য জগতক উকা কৰি ইহ সংসাৰ ত্যাগ কৰিলে জ্ঞানপীঠ বঁটা বিজয়ী কবি,কাব্যঋষি নীলমণি ফুকনে। গুৱাহাটী চিকিৎসা মহাবিদ্যালয় হাস্পতালত আজি দিনৰ ১১.৫৫ বজাত তেওঁৰ পৰলোকপ্ৰাপ্তি ঘটে।
কাব্যঋষিৰ মৃত্যুৰ বতৰাই ৰাজ্যবাসীক শোকাভিভূত কৰি তুলিছে। সাহিত্যৰ পথাৰ উকা কৰি কবি নীলমণি ফুকনৰ মৃত্যুৰ সৈতে এটা যুগৰো ঘটে অৱসান! তেওঁৰ মৃত্যুত মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই শোক প্ৰকাশ কৰি কয়- সাহিত্য সৃষ্টিৰে অসমৰ সমাজ জীৱনক যিসকল মহাত্মাই ধন্য কৰি গৈছে তাৰে অন্যতম উজ্জ্বল নক্ষত্ৰ কাব্যঋষি নীলমণি ফুকনদেৱৰ পৰলোকপ্ৰাপ্তিৰ খবৰটিয়ে মোক শোকাহত কৰি তুলিছে। জ্ঞানপীঠ বঁটাৰে বিভূষিত ফুকনদেৱে অসমীয়া কবিতা-ভাষা-সাহিত্যৰ বৰপেৰা চহকী কৰাৰ লগতে সৃষ্টিশীলতাৰ অনন্য পৰিভাষা জাতিটোলৈ আগবঢ়াই গ’ল। তেখেতৰ বিয়োগ অসম আৰু অসমীয়া জাতিসত্তাৰ বাবে কাহানিও পূৰণ কৰিব নোৱৰা ক্ষতি। তেখেতৰ স্বৰ্গগামী পুণ্যাত্মাৰ চিৰশান্তি কামনা কৰি শোকসন্তপ্ত পৰিয়ালবৰ্গলৈ গভীৰ সমবেদনা জ্ঞাপন কৰিলোঁ। সম্পূৰ্ণ ৰাজ্যিক মৰ্যাদাৰে ফুকনদেৱৰ শেষকৃত্য সম্পন্ন কৰা হ’ব।

By editor

Leave a Reply

Your email address will not be published. Required fields are marked *