গণেশপাৰা আঞ্চলিক সাহিত্য সমাজৰ বাৰ্ষিক অধিৱেশন

সাহিত্য সমাজে ছাত্ৰ-ছাত্ৰীক বৌদ্ধিক বিকাশত সহায় কৰে৷আমি সমাজত এনে কাম কৰিব লাগে যাতে মৃত্যুৰ পাছতো সকলোৱে সোঁৱৰি থাকে৷মানুহ অমৃতৰ সন্তান৷মিলাপ্ৰীতিৰে থকাটোৱে আমাৰ উদ্দেশ্য হ’ব লাগে৷-এই মন্তব্য ড° বিমলকৃষ ভট্টাচাৰ্যৰ৷২৪ জুলাইত গণেশপাৰা প্ৰাথমিক বিদ্যালয় প্ৰাংগণত অনুষ্ঠিত হোৱা গণেশপাৰা আঞ্চলিক সাহিত্য সমাজৰ পঞ্চবিংশতিতম বাৰ্ষিক অধিৱেশনত এইদৰে কয় শিক্ষা বিভাগৰ প্ৰাক্তন উপ সঞ্চালক ড° বিমলকৃষ ভট্টাচাৰ্যই৷প্ৰাক্তন সম্পাদক উমেশ চন্দ্ৰ ভাগৱতীয়ে আঁত ধৰা সভাৰ প্ৰাৰম্ভণিতে সাংস্কৃতিক সম্পাদক ৰীনা দাসৰ পৰিচালনাত আৰম্ভণি গীতেৰে অনুষ্ঠান আৰম্ভ হয়৷সাহিত্য সমাজৰ সভাপতি লংকেশ্বৰ ডেকাই পৌৰোহিত্য কৰা সভাত উদ্দেশ্য ব্যাখ্যা আৰু বাৰ্ষিক প্ৰতিবেদন পাঠ কৰে সাধাৰণ সম্পাদক গকুল বৰুৱাই৷সদস্য উমাকান্ত কলিতাই মুখ্য অতিথিৰ পৰিচয় দাঙি ধৰা সভাত আদৰণি ভাষণ দিয়ে সদস্য গায়ত্ৰী বৰঠাকুৰে৷সদস্য জ্যোতিষ ঠাকুৰীয়াই আঁত ধৰা সভাত মৃদুস্মিতা মিশ্ৰ আৰু দিশান্ত প্ৰতিম দলৈয়ে কবিতা আবৃত্তি কৰে৷সদস্য গিৰীশ বৰা আৰু নৱ প্ৰসাদ শৰ্মাই আঁত ধৰা সভাত মুখপত্ৰ ’প্ৰত্যাশা’ উন্মোচন কৰা হয়৷কৰৱী দত্তই আঁত ধৰা সভাত ২০২২ বৰ্ষৰ হাইস্কুল শিক্ষান্ত পৰীক্ষাত ৮৫ শতাংশ বা ততোধিক নম্বৰ পাই উত্তীৰ্ণ হোৱা ছাত্ৰ-ছাত্ৰীক সম্বৰ্ধনা জনোৱা হয়৷সম্পাদক গকুল বৰুৱাই আঁত ধৰা সভাত ২৩ আৰু ২৪ জুলাইত অনুষ্ঠিত হোৱা চিত্ৰাংকন,থিতাতে লিখা কবিতা,গল্প,বক্তৃতা,কবিতা আবৃত্তি প্ৰতিযোগিতাৰ পুৰস্কাৰপ্ৰাপ্ত প্ৰতিযোগীক বঁটা প্ৰদান কৰা হয়৷সভাত উপদেষ্টা সুশীল চন্দ্ৰ বৰঠাকুৰ,অধ্যাপক ড° মুকুল চক্ৰৱৰ্তী,সমাজকৰ্মী কামাখ্যা দাস,দীপা শৰ্মাই ভাষণ দিয়ে৷সদস্য সঞ্জীৱ দেৱ চৌধুৰীৰ শলাগৰ শৰাইৰে সভা সামৰণি মৰা হয়৷

By editor

Leave a Reply

Your email address will not be published. Required fields are marked *