খুচুৰা বিত্তীয় যোগান বৃদ্ধিৰ বাবে টিকেএম আৰু বাজাজ ফাইনেন্স লিমিটেডৰ সহযোগিতা

গ্ৰাহকসকলৰ অভিজ্ঞতাক আৰু অধিক উন্নীত কৰাৰ লক্ষ্যৰে টয়’টা কিৰ্লোস্কাৰ মটৰ (টিকেএম)-এ বিশেষ ঘোষণা কৰিছে। দেশৰ অন্যতম আগশাৰীৰ আৰু বৈচিত্ৰ্যপূৰ্ণ বিত্তীয় সেৱা গোট বাজাজ ফিনচাৰ্ভ লিমিটেডৰ অংশ বাজাজ ফাইনেন্স লিমিটেড(বিএফএল)ৰ সৈতে বুজাবুজিৰ চুক্তি স্বাক্ষৰ কৰাৰ কথা ঘোষণা কৰিছে। টয়’টা বাহন ক্ৰয় কৰাৰ প্ৰক্ৰিয়াটো অধিক সহজ আৰু সুবিধাজনক কৰাৰ বাবে বিশেষভাৱে প্ৰস্তুত কৰিবলৈ এই বুজাবুজিৰ চুক্তিয়ে সহায় কৰিব।

বাজাজ ফাইনেন্স হৈছে এক প্ৰযুক্তি চালিত NBFC, যিয়ে বিত্তীয় সমাধানৰ এক বিশাল পৰিসৰ প্ৰদান কৰে আৰু ডিজিটেলভাৱে গ্ৰাহকৰ অভিজ্ঞতা বৃদ্ধি কৰাৰ ওপৰত বিশেষভাৱে মনোনিৱেশ কৰে। বিএফএলে ঘোষণা কৰিছে যে ২০২৩ চনৰ ১ জুনৰ পৰা ভাৰতৰ মুঠ ৮৯টা গুৰুত্বপূৰ্ণ স্থানত নতুন 4-হুইলাৰ ফাইনেন্স ব্যৱসায়ত বিনিয়োগ কৰিছে, যিয়ে সামগ্ৰিক অট’ ইণ্ডাষ্ট্ৰীৰ বিক্ৰীৰ প্ৰায় ৭০% সামৰি ল’ব।

আনহাতে ফ্লেক্সি ঋণে নমনীয়তা, ব্যয় সামৰ্থ্য তথা পথৰ ওপৰত ১০০% পুঁজি, প্ৰতিযোগিতামূলক সুতৰ হাৰ আৰু ডিজিটেল ঋণ প্ৰদানৰ সুবিধা প্ৰদান কৰে যাতে গ্ৰাহকে সহজে টয়’টা বাহন ক্ৰয় কৰিব পাৰে। টয়’টা কিৰ্লোস্কাৰ মটৰৰ ছেলছ এণ্ড ষ্ট্ৰেটেজিক মাৰ্কেটিঙৰ ভাইচ প্ৰেচিডেণ্ট অতুল ছুদে কয় যে, “আমি একেলগে ভাৰতীয় অট’ খণ্ডৰ খুচুৰা বিত্তীয় দৃশ্যপট বৃদ্ধি কৰি সলনি কৰিব বিচাৰো আৰু আমাৰ গ্ৰাহকসকলক টয়’টা বাহনৰ গৰাকী হোৱাৰ অভিজ্ঞতাক অধিক সুলভ আৰু লাভজনক কৰি তুলিব বিচাৰো।”

By Business Bureau

Leave a Reply

Your email address will not be published. Required fields are marked *