কৰ্ণাটকত বিজেপিৰ হৈ প্ৰচাৰ চলাব অভিনেতা কিচ্চা সুদীপে, কিন্তু…

কৰ্ণাটক বিধানসভা নিৰ্বাচনত বিজেপিৰ হৈ প্ৰচাৰ চলাব কানাড়া অভিনেতা কিচ্চা সুদীপে।

তেওঁ এই কথা ঘোষণা কৰি লগতে কয় যে তেওঁ নিৰ্বাচনী প্ৰচাৰ চলালেও নিৰ্বাচনত প্ৰতিদ্বন্দ্বিতা নকৰে।

বিজেপিত যোগদান কৰাৰ খবৰৰ মাজতে কিচ্চাই ভাবুকি পত্ৰ লাভ কৰাৰ সময়তে এই কথা প্ৰকাশ কৰিছে।

ৰাজ্যৰ মন্ত্ৰী বি শ্ৰীৰামুলুৱে কয় যে বিজেপিক কিচ্চাৰ সমৰ্থন দলটোৰ বাবে যথেষ্ট লাভজনক হ’ব।

উল্লেখ্য যে, অহা ১০ মে’ত এটা পৰ্যায়ত অনুষ্ঠিত হ’ব কৰ্ণাটকৰ বিধানসভা নিৰ্বাচন।

১৩ মে’ত নিৰ্বাচনৰ ফলাফল ঘোষণা কৰা হ’ব।

By editor

Leave a Reply

Your email address will not be published. Required fields are marked *