কৰ্ণাটকত আগন্তুক বিধানসভা নিৰ্বাচনত প্ৰতিদ্বন্দ্বিতা কৰিবলৈ জেডি(এছ)ৰ ৯৩ জন প্ৰাৰ্থীৰ ভিতৰত অন্যতম শিৱানন্দ পাটিলে শুকুৰবাৰে নিশা হাৰ্ট এটেকত আক্ৰান্ত হৈ মৃত্যুক সাৱটি লয়।
এই তথ্য সদৰী কৰিছে দলৰ নেতা এইচ ডি কুমাৰস্বামীয়ে।
পাটিলৰ মৃত্যুৰ কথা প্ৰকাশ কৰি প্ৰাক্তন মুখ্যমন্ত্ৰীগৰাকীয়ে পাটিলৰ মৃত্যু দুৰ্ভাগ্যজনক বুলি অভিহিত কৰে।
উল্লেখ্য যে, ৫৪ বছৰীয়া নেতাগৰাকীয়ে সিন্দাগীৰ পৰা প্ৰতিদ্বন্দ্বিতা কৰিবলৈ সাজু হৈছিল।