ক্ৰিকেট ইতিহাসত প্ৰথমবাৰলৈ মহিলা বিশ্বকাপৰ ফাইনেলত দক্ষিণ আফ্ৰিকা

দক্ষিণ আফ্ৰিকাৰ দলটোৱে মহিলা টি-২০ বিশ্বকাপৰ দ্বিতীয়খন ছেমি ফাইনেলত ইংলেণ্ডক পৰাস্ত কৰি ফাইনেলত উপনীত হৈছে। দক্ষিণ আফ্ৰিকাৰ পুৰুষ আৰু মহিলা ক্ৰিকেটৰ ইতিহাসত এইটো প্ৰথমবাৰৰ বাবে যে তেওঁলোকৰ দলে বিশ্বকাপৰ ফাইনেল খেলিব। এই বিশেষ ক্ষণত আফ্ৰিকান দলৰ মহিলা খেলুৱৈসকলৰ উৎসাহ দেখা গৈছিল। অনুৰাগীসকলকো যথেষ্ট উৎসাহত দেখা গৈছিল। এই ছেমি ফাইনেল খেলখনত দক্ষিণ আফ্ৰিকাই প্ৰথমে বেটিং কৰাৰ সময়ত তেওঁলোকৰ অপেনাৰসকলৰ অৰ্ধশতকৰ সহায়ত ৪ টা উইকেট হেৰুৱাই ১৬৪ ৰান সংগ্ৰহ কৰে, ইয়াৰ প্ৰত্যুত্তৰত ইংলেণ্ডৰ দলটোৱেও এটা সময়ত লক্ষ্য অর্জনৰ কাষ চাপিছিল। ইংলেণ্ডক শেষৰ ২২ টা বলত জিকিবলৈ ৩৩ ৰানৰ প্ৰয়োজন আছিল আৰু তেওঁলোকৰ ৭ টা উইকেট বাকী আছিল। খেলখনত ইংলেণ্ডক শেষৰ দুটা বলত জয়ৰ বাবে ১১ ৰানৰ প্ৰয়োজন আছিল, ইয়াত ছাৰাহ গ্লেনে শ্বাবনিম ইছমাইলৰ বলত মাত্ৰ দুটা ৰানহে সংগ্ৰহ কৰিবলৈ সক্ষম হৈছিল আৰু দক্ষিণ আফ্ৰিকা বিজয়ী হৈছিল।

By editor

Leave a Reply

Your email address will not be published. Required fields are marked *