কোচিত আৰম্ভ তৃতীয় জি-২০ এফডব্লিউজি বৈঠক

ভাৰতৰ জি-২০ সভাপতিত্বৰ অধীনত ২০২৩ চনৰ ১৩-১৪ জুনৰ পৰা কেৰালাৰ কোচিত তৃতীয় ফ্ৰেমৱৰ্ক কৰ্মগোট(ৱৰ্কিং গ্ৰুপ)ৰ আহ্বান কৰা হয়। ড০ ভি অনন্ত নাগেশ্বৰন আৰু টম হেমিংৱেৰ সহ-অধ্যক্ষতাত অনুষ্ঠিত হোৱা এই সন্মিলনত সমসাময়িক গোলকীয় সমষ্টিগত অৰ্থনীতিৰে জড়িত বিভিন্ন উদ্বেগৰ ওপৰত গুৰুত্ব আৰোপ কৰা হৈছিল। সন্মিলনখনত জি-২০ সদস্য দেশসমূহৰ ৭৫ জনতকৈও অধিক অংশগ্ৰহণকাৰী, আমন্ত্ৰিত ৰাষ্ট্ৰ আৰু বহু আঞ্চলিক আৰু আন্তঃৰাষ্ট্ৰীয় সংস্থাই অংশগ্ৰহণ কৰে।

বৰ্তমানৰ বিশ্বব্যাপী অৰ্থনৈতিক দৃষ্টিভংগী, খাদ্য আৰু শক্তিৰ অসুৰক্ষিতা বা নিৰাপত্তাহীনতাৰ সামগ্ৰিক প্ৰভাৱ, জলবায়ু পৰিৱৰ্তন আৰু পৰিৱৰ্তিত ব্যৱস্থাৰ সামূহিক প্ৰভাৱৰ বিষয়ে আলোচনা কৰাই বৈঠকৰ মূল উদ্দেশ্য আছিল। ইয়াৰ উপৰিও ই এনে ক্ষেত্ৰসমূহ অন্বেষণ কৰিবলৈ চেষ্টা কৰিছিল য’ত বিশ্ব সহযোগিতাই দেশসমূহৰ ঘৰুৱা প্ৰচেষ্টাসমূহক যাতে সমৰ্থন বা অন্বেষণ কৰাত সহায় কৰিব পাৰে।

উল্লেখ্য যে এই বৈঠকত “বিত্তীয় বিশ্বায়ন – সুযোগ আৰু বিপদাশংকা” শীৰ্ষক বিষয়ত এক পেনেল আলোচনা আয়োজন কৰা হ’ব আৰু কৰ্নেল বিশ্ববিদ্যালয়ৰ অধ্যাপক ঈশ্বৰ প্ৰসাদে এই আলোচনাচক্ৰৰ পৰিচালনা কৰিব।  ইয়াৰ পূৰ্বে প্ৰতিনিধিসকলক কোচি ৱাটাৰ মেট্ৰ’ পৰিদৰ্শন কৰোৱা হৈছিল। এই অনুষ্ঠানৰ লগত সংগতি ৰাখি স্থানীয় শিল্পীসকলৰ অভিনয়ৰ লগতে চহৰখনৰ প্ৰাকৃতিক সৌন্দৰ্য আৰু সাংস্কৃতিক ঐতিহ্যৰ আভাস দিয়াৰ বাবে আয়োজিত বিভিন্ন কাৰ্যসূচীয়ে সকলোকে আমোদ দিয়ে।

By Business Bureau

Leave a Reply

Your email address will not be published. Required fields are marked *