কেবিনেটৰ সিদ্ধান্তঃ অসমৰ খিলঞ্জীয়া ভূমিহীন পৰিয়ালক ভূমি প্ৰদান কৰিব অসম চৰকাৰে

ৰাজ্যিক কেবিনেট বৈঠকৰ অন্তত অসম চৰকাৰে ঘোষণা কৰিছে যে মুখ্যমন্ত্ৰী আৱাস যোজনা আঁচনিৰ অধীনত প্ৰায় ১.৩ লাখ ঘৰ নিৰ্মাণ কৰা হ’ব। কেন্দ্ৰীয় চৰকাৰৰ আঁচনিৰ সুবিধা নোপোৱা ব্যক্তিৰ ওপৰত গুৰুত্ব আৰোপ কৰি প্ৰধানমন্ত্ৰী আৱাস যোজনাৰ পৰিপূৰক হিচাপে এই পদক্ষেপ গ্ৰহণ কৰা হৈছে। বৃহস্পতিবাৰে সন্ধিয়া মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ উপস্থিতিত ৰাজ্যৰ কেবিনেটে এই সিদ্ধান্ত গ্ৰহণ কৰে।

তদুপৰি, চহৰ আৰু গ্ৰাম্য উভয় অঞ্চল সামৰি ১৩খন জিলাত ভূমিহীন প্ৰায় ১৫৪০টা খিলঞ্জীয়া পৰিয়ালে ভূমি বসতিৰ সুবিধা লাভ কৰিব। এই পদক্ষেপ ৰাজ্য চৰকাৰৰ পদক্ষেপ মিছন বসুন্ধৰা ২.০ৰ অংশ, যাৰ লক্ষ্য হৈছে ভূমিহীন খিলঞ্জীয়া পৰিয়ালসমূহৰ বাবে ভূমি বসতিৰ সুবিধা প্ৰদান কৰা।

ডিব্ৰুগড়, তিনিচুকীয়া, চৰাইদেউ, শোণিতপুৰ, লখিমপুৰ, ধেমাজি, দৰং, বঙাইগাঁও, বিশ্বনাথ, গোৱালপাৰা, নলবাৰী, হোজাই আৰু বজালী জিলাৰ ভূমিহীন লোকক ভূমি প্ৰদানৰ ঘোষণা কৰে অসম চৰকাৰে।

By editor

Leave a Reply

Your email address will not be published. Required fields are marked *