ভাৰতৰ অন্যতম আগশাৰীৰ পোছাক নিৰ্মাতা আৰু ৰিটেইলাৰ কণ্টাবিল ৰিটেইল ইণ্ডিয়া লিমিটেডে অসমৰ যোৰহাটত ইয়াৰ খুচুৰা দোকান খোলাৰ কথা ঘোষণা কৰিছে। ১২৫২ বৰ্গফুট এলেকাত বিস্তাৰিত, এই ব্ৰেণ্ডৰ দোকানখন শ্বপ এনপি ইউজি-০৪, ৰয়েল আৰ্কেড, গড়-আলী, যোৰহাট, অসম-৭৮৫০০১ ত অৱস্থিত।
এই দোকান খোলাৰ সৈতে, কেণ্টাবিল ৰিটেইলৰ ভাৰতত ৪৪৬ খন দোকান আছে আৰু ইয়াৰ খুচুৰা উপস্থিতি সম্প্ৰসাৰিত কৰা অব্যাহত ৰখাৰ পৰিকল্পনা কৰিছে। দোকানখন মুকলি কৰাৰ সন্দৰ্ভত মন্তব্য কৰি কণ্টাবিল ৰিটেইল ইণ্ডিয়া লিমিটেডৰ সঞ্চালক শ্ৰীদীপক বানচালে কয়, “আমাৰ গ্ৰাহকসকলৰ বাবে ট্ৰেণ্ডি কিন্তু প্ৰতিযোগিতামূলক ফেশ্বন পোছাকৰ উপলব্ধতা নিশ্চিত কৰাৰ বাবে আমি অসমত আমাৰ তৃতীয় খন ৰিটেইল দোকান খুলিছো।
দেশৰ বিভিন্ন প্ৰান্তত আমাৰ এক শক্তিশালী উপস্থিতি আছে আৰু অহা কেইবছৰমানত আমাৰ খুচুৰা উপস্থিতি আৰু অধিক আক্ৰমণাত্মকভাৱে সম্প্ৰসাৰিত কৰাৰ লক্ষ্য ৰাখিছো।”