কিউ১ত ১০২% বিক্ৰী বৃদ্ধি কৰিবলৈ সক্ষম হৈছে জেএলআৰ ইণ্ডিয়াই

জেএলআৰ ইণ্ডিয়াই যোৱা বছৰৰ একে সময়ছোৱাৰ তুলনাত ২০২৪ বিত্তীয় বৰ্ষৰ প্ৰথম ত্ৰৈমাসিকত ১০২% বৃদ্ধিৰে মুঠ ১,০৪৮ ইউনিট খুচুৰা বিক্ৰী কৰি প্ৰথম ত্ৰৈমাসিকত এতিয়ালৈকে সৰ্বোত্তম বিক্ৰী প্ৰদৰ্শন কৰিছে। ৰেঞ্জ ৰভাৰ, ৰেঞ্জ ৰভাৰ স্প’ৰ্ট, আৰু ডিফেণ্ডাৰৰ বিক্ৰী ২০৯% বৃদ্ধি কৰিবলৈ সক্ষম হৈছে প্ৰতিষ্ঠানটোৱে, যিয়ে বৰ্তমানৰ অৰ্ডাৰ বুকত ৭৮% অৰিহণা যোগাইছে আৰু নিৰন্তৰ চাহিদা নিশ্চিত কৰিছে।

নিউ ৰেঞ্জ ৰভাৰ আৰু নিউ ৰেঞ্জ ৰভাৰ স্পোৰ্ট মুকলি হোৱাৰ লগে লগে ডিফেণ্ডাৰৰ প্ৰতি অভূতপূৰ্ব সঁহাৰিত এফৱাই২৪-ৰ কিউ১ত ৮৮% অৰ্ডাৰ বৃদ্ধি পাইছে। বৰ্তমানৰ অৰ্ডাৰ বুকখনে ছমাহতকৈ অধিক সময়ৰ বিক্ৰী সামৰি লৈছে, মাহৰ পিছত মাহে ধাৰাবাহিকভাৱে বৃদ্ধি পাইছে। প্ৰি-অওনড ব্যৱসায়েও ২০২৪ বিত্তীয় বৰ্ষৰ প্ৰথম ত্ৰৈমাসিকত ১৩৭% বৃদ্ধি প্ৰত্যক্ষ কৰিছে, যিয়ে ভাৰতত জেএলআৰ ব্ৰেণ্ডৰ ক্ৰমবৰ্ধমান চাহিদা আৰু ইকুইটিক প্ৰতিফলিত কৰিছে। এই বিষয়ে জেএলআৰ ইণ্ডিয়াৰ মেনেজিং ডাইৰেক্টৰ ৰাজন আম্বাই কয় যে, “আমাৰ বিচক্ষণ গ্ৰাহকসকলৰ মাজত বৰ্ধিত চাহিদাৰ দ্বাৰা সমৰ্থিত হৈ আমাৰ অৰ্ডাৰ বুক শক্তিশালী আৰু বৃদ্ধি পাই আছে আৰু আমি আগন্তুক সময়ত আমাৰ ভাৰতৰ কাহিনী বা ব্যৱসায়ক লৈ যথেষ্ট উৎসাহী আৰু আত্মবিশ্বাসী।”

জেএলআৰে বৰ্ধিত ৰেঞ্জ ৰভাৰ ভেলাৰ মুকলিৰ পৰিকল্পনা কৰিছে আৰু ৰেঞ্জ ৰভাৰ, ডিফেণ্ডাৰ, ডিস্কভাৰী আৰু জাগুৱাৰকে ধৰি নিজৰ ব্ৰেণ্ডসমূহৰ অনন্য ডিএনএক প্ৰৌজ্বল কৰি তুলিবলৈ নতুন কৰ্পৰেট পৰিচয় আৰু হাউছ অৱ ব্ৰেণ্ডছৰ পদ্ধতি ঘোষণা ঘোষণা কৰাৰ পৰিকল্পনা কৰিছে।

By Business Bureau

Leave a Reply

Your email address will not be published. Required fields are marked *