ভাৰতীয় উদ্যোগপতি ৰতন টাটালৈ অষ্ট্ৰেলিয়াৰ সৰ্বোচ্চ সন্মান। এই সন্মান কিংবদন্তি ভাৰতীয় উদ্যোগপতিগৰাকীক সেই দেশৰ চৰকাৰে প্ৰদান কৰে। অষ্ট্ৰেলিয়াৰ ৰাষ্ট্ৰদূত বেৰী অ’ফেৰেলে প্ৰদান কৰে এই সন্মান।
জানিব পৰা মতে, ভাৰত-অষ্ট্ৰেলিয়াৰ দ্বিপাক্ষিক সম্পৰ্কত ৰতন টাটাৰ অৱদানৰ স্বীকৃতি স্বৰূপে এই সন্মান প্ৰদান কৰা হৈছে। টাটা গোটৰ প্ৰাক্তন অধ্যক্ষগৰাকীয়েও দুয়োখন দেশৰ ব্যৱসায়িক সম্পৰ্ক উন্নত কৰাৰ আঁৰত বহুখিনি অৱদান আগবঢ়াইছে। তদুপৰি তেওঁ বিভিন্ন সময়ত কেংগাৰু দেশত বিভিন্ন সমাজ সেৱাৰ কাম কৰি আহিছে।
ৰাষ্ট্ৰদূত বেৰী অ’ফেৰেলে ৰতন টাটাক মেডেল অৱ দ্য অৰ্ডাৰ অৱ অষ্ট্ৰেলিয়া (এ অ’) প্ৰদান কৰা এখন ফটো শ্বেয়াৰ কৰিছে। তেওঁ কয় যে কেৱল ভাৰততে নহয়, ৰতন টাটাৰ কামে তেওঁক অষ্ট্ৰেলিয়াৰ জনসাধাৰণৰ মাজতো সন্মানিত কৰি তুলিছে। ২০০৮ চনত ৰতন টাটাক ভাৰত চৰকাৰে পদ্মভূষণ বঁটা প্ৰদান কৰিছিল।
অৱশ্যে কেইবাবাৰো তেওঁক ভাৰতৰত্ন দিবলৈ দাবী উত্থাপন হৈছে। যদিও প্ৰবীণ উদ্যোগপতিগৰাকীয়ে নিজেই ইচ্ছা প্ৰকাশ কৰিছিল, তথাপিও তেওঁক ভাৰতৰত্ন দিয়াৰ দাবী বন্ধ হ’ব লাগে। কিন্তু এই দাবী আকৌ আহিল। ৱাই এছ আৰ কংগ্ৰেছৰ সাংসদ ৰঘু ৰামকৃষ্ণ ৰাজুৱে ৰাষ্ট্ৰপতি দ্ৰৌপদী মুৰ্মুলৈ পত্ৰ লিখি ৰতন টাটাক ভাৰতৰত্ন দিবলৈ দাবী জনাইছে।