কাৰ্বি আংলং জিলাৰ খেৰণি আৰু ধনশিৰিত অনুষ্ঠিত কৰা দুখন কৰ্মশালাত কাৰ্বি আংলং স্বায়ত্ত শাসিত জিলা পৰিষদৰ অন্তৰ্গত খেৰণি আৰু ধনশিৰি অঞ্চলৰ গাঁও উন্নয়ন পৰিষদৰ সদস্যসকলক বন্যপ্ৰাণী অপৰাধ প্ৰতিৰোধৰ ক্ষেত্ৰত তেওঁলোকে পালন কৰিব পৰা গুৰুত্বপূৰ্ণ ভূমিকা সম্পৰ্কে সজাগ কৰা হয় ।
গুৱাহটীত মুখ্য কাৰ্যালয় থকা আগশাৰীৰ গৱেষণা ভিত্তিক জৈৱবৈচিত্ৰ্য সংৰক্ষণ সংস্থা আৰণ্যকৰ (www.aaranyak.org) সহযোগত আৰু বন্যপ্ৰাণী অপৰাধ নিয়ন্ত্ৰণ ব্যুৰোৰ (WCCB) উদ্যোগত ২৪ আৰু ২৫ এপ্ৰিলত ক্ৰমে খেৰণি আৰু ধনশিৰিত অনুষ্ঠিত কৰ্মশালা দুখনত আৰক্ষী আৰু বন বিভাগৰ কৰ্মচাৰীৰ উপৰি গাঁওবুঢ়া, নগৰ সমিতিৰ সদস্য, স্থানীয় গাঁওবাসী আৰু বিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰীকে ধৰি ২০০ৰো অধিক অংশগ্ৰহণকাৰীয়ে অংশগ্ৰহণ কৰে ।
খেৰণিৰ কৰ্মশালাখনত অংশগ্ৰহণ কৰা কাৰ্বি আংলং স্বায়ত্ত শাসিত জিলা পৰিষদৰ বিশেষ প্ৰধাণ মুখ্য বন সংৰক্ষক (পি চি চি এফ) এছ এছ ৰাৱে বন্যপ্ৰাণী অপৰাধৰ সম্পৰ্কীয় তথ্য আদান প্ৰদানত গাঁও উন্নয়ন পৰিষদৰ সদস্যসকলৰ গুৰুত্বৰ ওপৰত আলোকপাত কৰে। বন্যপ্ৰাণী অপৰাধ আৰু বন্যপ্ৰাণীৰ ব্যৱসায় চকুত নপৰাকৈ উপৰা-উপৰিকৈ চলা এনে ভিতৰুৱা অঞ্চলত এনেকুৱা কৰ্মশালা অনুষ্ঠিত কৰাৰ বাবে তেওঁ বন্যপ্ৰাণী অপৰাধ নিয়ন্ত্ৰণ ব্যুৰো আৰু আৰন্যক দুয়োটা সংস্থাৰে শলাগ লয়।
সংশ্লিষ্ট সংমণ্ডলৰ সংমাণ্ডলিক বন বিষয়া (ডি এফ অ’) আৰু বন ৰেঞ্জ বিষয়া সকলে কৰ্মশালাকেইখন অনুষ্ঠিত কৰাৰ ক্ষেত্ৰত সমন্বয় ৰক্ষা কৰে আৰু যাতায়তকে ধৰি সকলো সহায় আগবঢ়ায় ।
সহকাৰী সঞ্চালক জৱাহৰলাল বড়ো আৰু অপাৰেশ্যনেল সহযোগী নবজিৎ বৰ্মনক লৈ গঠিত বন্যপ্ৰাণী অপৰাধ নিয়ন্ত্ৰণ ব্যুৰোৰ সমল গোটে বন্যপ্ৰাণী সুৰক্ষা আইনৰ প্ৰাসংগিকতা আৰু বন্যপ্ৰাণী অপৰাধ প্ৰতিৰোধত গাঁও পৰিষদৰ ভূমিকা সম্পৰ্কে ব্যাখা আগবঢ়ায় ।
জ্যেষ্ঠ প্ৰৱন্ধক ড০ জিমি বৰা আৰু প্ৰকল্প বিষয়া আইভী ফাৰহিন হুছেইনক লৈ গঠিত আৰণ্যকৰ সমল গোটে স্থানীয় দৃষ্টিভংগীৰে কাৰ্বি আংলঙৰ ভূ-প্ৰাকৃতিক আৰু বন্যপ্ৰাণী অপৰাধ দৃশ্যপটৰ গুৰুত্বৰ ওপৰত আলোকপাত কৰে।
