কাৰাবন্দী প্ৰাক্তন মুখ্যমন্ত্ৰী চন্দ্ৰবাবু নাইডুৰ জামিন আবেদন ১৭ অক্টোবৰলৈ স্থগিত উচ্চ ন্যায়ালয়ৰ…

অন্ধ্ৰ প্ৰদেশ উচ্চ ন্যায়ালয়ে প্ৰাক্তন মুখ্যমন্ত্ৰী তথা তেলেগু দেশম পাৰ্টিৰ মুৰব্বী এন চন্দ্ৰবাবু নাইডুৰ জামিন আবেদনৰ শুনানি ১৭ অক্টোবৰলৈ পিছুৱাই দিছে। চন্দ্ৰবাবু নাইডুৰ অধিবক্তা সুংকৰা কৃষ্ণমূৰ্তিয়ে কয় যে আদালতে চি আই ডিক ওভতাই আবেদন দাখিল কৰিবলৈ নিৰ্দেশ দিছে।

অন্ধ্ৰ প্ৰদেশৰ প্ৰাক্তন মুখ্যমন্ত্ৰী তথা তেলেগু দেশম পাৰ্টিৰ মুৰব্বী চন্দ্ৰবাবু নাইডুক ৩৭১ কোটি টকাৰ দক্ষতা বিকাশ কেলেংকাৰিত গ্ৰেপ্তাৰ কৰা হৈছিল। যোৱা ৯ ছেপ্টেম্বৰৰ পুৱা প্ৰায় ৬ বজাত জ্ঞানপুৰমত বাছত শুই থকা অৱস্থাত তেওঁক গ্ৰেপ্তাৰ কৰিছিল ৰাজ্যৰ অপৰাধ অনুসন্ধান বিভাগে। চি আই ডিৰ দাবী, নাইডুৰ নেতৃত্বত শ্বেল কোম্পানীৰ জৰিয়তে ব্যক্তিগত প্ৰতিষ্ঠানলৈ চৰকাৰী ধন হস্তান্তৰ কৰাৰ ষড়যন্ত্ৰ ৰচনা কৰা হৈছিল।

নন্দিয়াল জিলাৰ বানাগনাপল্লীত এখন ৰাজহুৱা সভা অনুষ্ঠিত কৰিছিল নাইডুৱে। ইয়াৰ পিছতল তেওঁ বাছত জিৰণি লৈ থকাৰ সময়তে ৯ ছেপ্টেম্বৰৰ পুৱা প্ৰায় ৩:৩০ বজাত তেওঁক গ্ৰেপ্তাৰ কৰিবলৈ চি আই ডি উপস্থিত হয়। কিন্তু দলৰ কৰ্মী আৰু নেতাই গাড়ীখন ঘেৰাও কৰি গ্ৰেপ্তাৰৰ বিৰোধিতা কৰে।

By Pankaj

Leave a Reply

Your email address will not be published. Required fields are marked *