কাছাৰত মৰেল পুলিচিঙৰ ঘটনা! ধন চুৰিৰ অভিযোগত যুৱকক নিৰ্মম প্ৰহাৰ বিজেপি নেতাৰ…

ৰাজ্যত পুনৰ মৰেল পুলিচিঙৰ ঘটনা। এইবাৰ ধন চুৰিৰ অভিযোগত এজন ব্যক্তিক নিৰ্মমভাৱে প্ৰহাৰ বিজেপি নেতাৰ। কাছাৰ জিলাত সংঘটিত এই ঘটনাই সৃষ্টি কৰিছে তীব্ৰ প্ৰতিক্ৰিয়াৰ।

কাছাৰৰ ধাইলাইৰ ডাৰবি চাহ বাগিচাত এই কাণ্ড সংঘটিত হয় য’ত কথিত বিজেপি নেতাগৰাকীয়ে যুৱকজনক ধন চুৰি কৰাৰ অভিযোগত শাস্তি প্ৰদান কৰে।

এই ভয়ানক মৰেল পুলিচিঙৰ ভিডিঅ’টো ছ’চিয়েল মিডিয়াত ভাইৰেল হৈ পৰিছে আৰু অঞ্চলটোত বহুত হুলস্থুলীয়া পৰিৱেশৰ সৃষ্টি হৈছে। খবৰ অনুসৰি, ডাৰবি চাহ বাগিচাৰ এজন ১৯ বছৰীয়া যুৱকক স্থানীয় বিজেপিৰ নেতা মনোজ সাহুৱে তেওঁৰ গেলামালৰ দোকানৰ পৰা ধন চুৰি কৰাৰ অভিযোগত নিৰ্মমভাৱে প্ৰহাৰ কৰে।

ইফালে, যুৱকজনৰ মাতৃগৰাকীয়ে অভিযোগ কৰিছে যে বিজেপিৰ নেতা মনোজ সাহুৱে যুৱক-যুৱতীসকলক বলপূৰ্বকভাৱে মদ্যপান কৰিছিল। মাতৃগৰাকীয়ে লগতে অভিযোগ কৰে যে বিজেপিৰ নেতাগৰাকীয়ে পুত্ৰক বচাবলৈ যোৱা মাতৃগৰাকীক আক্ৰমণ কৰে।

পিছত পৰিয়ালৰ সদস্যসকলে যুৱকজনক উদ্ধাৰ কৰি চিকিৎসাৰ বাবে শিলচৰ মেডিকেল কলেজলৈ লৈ যায়।

ইফালে, এই কাণ্ডৰ সৈতে জড়িত বিজেপিৰ নেতা মনোজ সাহুকে ধৰি তিনিজন লোকৰ বিৰুদ্ধে গোচৰ ৰুজু কৰা হৈছে।

By Pankaj

Leave a Reply

Your email address will not be published. Required fields are marked *